June 28, 2024 12:33 PM June 28, 2024 12:33 PM

views 14

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে। সত্ৰখনৰ মূল গৃহৰ পুৰণি টিনপাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্ৰয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে এই কামৰ বাবে এক কোটি টকাৰ আৱণ্টন দিয়ে। আৱণ্টিত ধনেৰে কালিৰে পৰা টিনপাত সলনি কৰাৰ কাম কৰা হৈছে। নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত বৰপেটাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সত্ৰ পৰিচালনা সমিতিৰ সৈ...

June 28, 2024 12:15 PM June 28, 2024 12:15 PM

views 15

সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে নতুন শিক্ষকৰ পদ সৃষ্টিৰে অসম চৰকাৰৰ বিশেষ নিযুক্তিৰ ব্যৱস্থা

অসম চৰকাৰে সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে ৩৫ হাজাৰ নতুন শিক্ষকৰ পদ সৃষ্টি কৰি বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছে। এই পদসমূহৰ বাবে কেৱল সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলেহে আবেদন কৰিব পাৰিব। নলবাৰীত কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই সিদ্ধান্তৰ ফলত পূৰ্বৰ অনিয়মীয়া পদসমূহ বিলুপ্ত হোৱাৰ লগতে নতুন পদত নিযুক্তি লাভ কৰাসকলে চৰকাৰী নিৰিখ অনুসৰি দৰমহা আৰু বাৰ্ষিক দৰমহাৰ বৃদ্ধি লাভ কৰ...

June 18, 2024 5:27 PM June 18, 2024 5:27 PM

views 12

IIT খড়গপুৰৰ ছাত্ৰাবাসত তিনিচুকীয়াৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ ঘটনাৰ প্ৰকৃত সত্য উদ্ঘাটনৰ বাবে চি বি আইৰ হাতত দায়িত্ব অৰ্পনৰ আহ্বান মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই IIT খড়গপুৰৰ ছাত্ৰাবাসত ৰহস্যজনক পৰিস্থিতিত তিনিচুকীয়াৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ প্ৰকৃত সত্য উদ্ঘাটনৰ বাবে বিষয়টোৰ তদন্ত চি বি আইৰ হাতত অৰ্পন কৰিবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে আজি পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীলৈ জৰুৰীপত্ৰ প্ৰেৰণ কৰিছে।

June 15, 2024 1:00 PM June 15, 2024 1:00 PM

views 11

২০৩০ বৰ্ষৰ ভিতৰত ৰাজ্যত ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন সম্ভৱ হ’বঃ মুখ্যমন্ত্ৰী

নামৰূপত কালি ২৫ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই ২০৩০ বৰ্ষৰ ভিতৰত ৰাজ্যত ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন সম্ভৱ হ'ব বুলি আশা প্ৰকাশ কৰে। লগতে তেওঁ কয় যে, অসম দেশৰ ভিতৰত এখন সৌৰশক্তি উৎপাদনকাৰী অগ্ৰণী ৰাজ্যলৈ ৰূপান্তৰিত হোৱাৰ দিশে আগবাঢ়িছে। সৌৰশক্তি উৎপাদনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আটাইবোৰ প্ৰচেষ্টা সফল হ'লে ৰাজ্যখনে ৩ হাজাৰ ৬৪৫ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিবলৈ সক্ষম হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কালি আধাৰশিলা স্থাপন হোৱা নামৰূপৰ ২৫ মেগাৱাট ক্ষমতা...

June 15, 2024 11:08 AM June 15, 2024 11:08 AM

views 17

ডিব্ৰুগড়ত স্থাপন হ’বলগীয়া ক্ষুদ্ৰ সচিবালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত স্থাপন হ'বলগীয়া ক্ষুদ্ৰ সচিবালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। এই সন্দৰ্ভত আয়োজিত পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি তেওঁ কয় যে, প্রশাসনিক ব্যৱস্থাটোক ৰাজ্যৰ জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অব্যাহত ৰখা প্ৰয়াসৰ অংশ হিচাপে এই ক্ষুদ্র সচিবালয় স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক অহা ১৫ আগষ্টৰ ভিতৰত ইয়াৰ কাম- কাজ সম্পূৰ্ণ কৰিবলৈ নির্দেশ দিয়ে। উল্লেখযোগ্য যে, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি আদিকে ধৰি উজনি অসমৰ জি...

June 12, 2024 12:04 PM June 12, 2024 12:04 PM

views 21

কামৰূপ জিলাৰ মৰাভিঠা আৰু দীঘলকুছিত আই আই এমৰ স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ মৰাভিঠা আৰু দীঘলকুছিত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা চূড়ান্ত অনুমোদন লাভ কৰা ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট চমুকৈ আই আই এমৰ স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। এই প্রতিষ্ঠানখন কাৰ্যক্ষম হৈ উঠিলে গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অব্ মেনেজমেণ্ট নামৰ এই ৪ খন উচ্চ শিক্ষানুষ্ঠানত দেশৰ বিভিন্ন ...

May 30, 2024 2:33 PM May 30, 2024 2:33 PM

views 19

ঘূৰ্ণীবতাহ ৰীমালত ৰাজ্যত হোৱা ক্ষয়-ক্ষতিৰ বুজ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি শেহতীয়া ঘূৰ্ণীবতাহ ৰীমালত ৰাজ্যখনত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। নতুন দিল্লীৰ অসম ভৱনৰ পৰা ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটা, এ পি ডি চি এল কর্তৃপক্ষ, ৰাষ্ট্ৰীয় ঘাইপথ-দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ তথা ক্ষতিগ্ৰস্ত জিলাসমূহৰ আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং যোগে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে আয়ুক্তসকলক ক্ষতিগ্রস্ত পৰিয়ালক যাৱতীয় সাহায্য প্ৰদানৰ লগতে উদ্ধাৰ অভিযান খৰতকীয়া কৰাৰ নিৰ্দেশ দিয়ে। তদুপৰি কুৰি বান্ধৰ পানী এৰাৰ সন্দৰ্ভত ভূটানৰ সৈতে ...

May 28, 2024 5:59 PM May 28, 2024 5:59 PM

views 23

ওড়িশাত নিৰ্বাচনী প্ৰচাৰ অব্যাহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত আছে। অহা ১ জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্রহণ হ'বলগীয়া সপ্তম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ডুমকা বিমানবন্দৰ খেলপথাৰত সংসদীয় সমষ্টিটোৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সীতা ছ'ৰেনৰ সমৰ্থনত অনুষ্ঠিত এখন নির্বাচনী সভাক সম্বোধন কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি...

May 28, 2024 4:46 PM May 28, 2024 4:46 PM

views 15

ধুমুহা-বৰষুণ আৰু ভূমিস্খলনত দুজন লোকৰ প্ৰাণনাশৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

সম্প্ৰতি নিৰ্বাচনৰ প্ৰচাৰ উদ্দেশ্যে ওড়িশাত থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ধুমুহা-বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ মূল্যায়নৰ অৰ্থে মুখ্য সচিবৰ সৈতে কথা পাতে আৰু সাহায্য, পুনৰবাসন তথা সতৰ্কতামূলক ব্যৱস্থাসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। ড° শৰ্মাই লগতে ধুমুহা-বৰষুণ আৰু ভূমিস্খলনৰ ফলত দুজন লোকৰ প্ৰাণনাশৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।

May 25, 2024 6:11 PM May 25, 2024 6:11 PM

views 25

ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছেঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছে। এচাম যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ লগতে সমাজ জীৱনত নেতিবাচক প্ৰভাৱ পৰাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই · ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত বৰ্তমানলৈকে ২,১৬৬ কোটি টকাতকৈও অধিক নিচাজাতীয় সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে বুলি অৱগত কৰে।