August 8, 2024 1:56 PM

views 28

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন কৰিব

ৰাজ্যৰ ছাত্ৰীসকলৰ সৱলীকৰণ, উচ্চ শিক্ষাৰ বাট প্রশস্তকৰণ আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন কৰিব। এই আঁচনিখন অহা ৩ বছৰত ১০ লাখ ছাত্ৰীক সামৰি ল'ব। সকলো পৰিয়ালৰ কন্যাৰ বাবে উপলব্ধ হ'বলগীয়া আঁচনিখনৰ অধীনত একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে ১০ মাহলৈ মাহিলী এহেজাৰ টকাকৈ, স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা যোগ্য ছাত্ৰীয়ে ১০ মাহলৈ মাহিলী ১,২৫০ টকাকৈ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীয়ে ১...

August 8, 2024 1:37 PM

views 22

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক খহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰাৰ বাবে জলসম্পদ বিভাগে এখন বৃহৎ আঁচনি প্ৰস্তুত কৰিছে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক খহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰাৰ বাবে জলসম্পদ বিভাগে এখন বৃহৎ আঁচনি প্ৰস্তুত কৰিছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বাগৰি বনাঞ্চলিক বিষয়াৰ চৌহদত আয়োজিত এটা অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পলৈ আউট ব’ৰ্ড মটৰযুক্ত ২০ খন ৰবৰ নাও প্ৰদান কৰি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। এই আঁচনিখন অতি সোনকালে ৰূপায়ণ কৰিব পৰা যাব বুলিও মুখ্যমন্ত্ৰীয়ে আশা কৰে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কাজিৰঙাত অনুষ্ঠিত এখন বৈঠক...

August 7, 2024 6:49 PM

views 29

মহানগৰীৰ কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰবাসীক সতর্কতা অৱলম্বন কৰিবলৈ মুখ্যমন্ত্রীৰ আহ্বান

গুৱাহাটী মহানগৰীত আজি বিয়লি ভাগত হোৱা প্ৰৱল বৰষুণৰ ফলত ভালেমান অঞ্চল পুনৰ কৃত্ৰিম বানৰ কবলত পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰবাসীক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্রী ড০ শৰ্মাই প্রয়োজনীয় কাম নহ'লে মহানগৰবাসীক ঘৰৰ পৰা বাহিৰ নহ'বলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে, গুৱাহাটী মহানগৰীৰ দীৰ্ঘদিনীয়া এই কৃত্রিম বানৰ সমস্যা ৰোধ কৰিবলৈ হ'লে মহানগৰীখনৰ নলা-নৰ্দমাৰ ব্যৱস্থা পূৰ্বতকৈ সম্প্ৰসাৰণৰ প্ৰয়োজন হ...

August 7, 2024 5:58 PM

views 31

অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। তেওঁ এই সমাৰোহত ৯৮১ গৰাকী বন সুৰক্ষা বাহিনীৰ কনিষ্টবলক দীক্ষান্ত প্রমাণ-পত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত পৰিবেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ দিশত এক দৃঢ় পদক্ষেপ গ্ৰহণৰ অংশৰূপে প্ৰথম বাৰৰ বাবে এই দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছিল। বন সু...

August 6, 2024 8:50 PM

views 27

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দ্বিতীয় ন্যায়িক দৰমহা আয়োগৰ ভাট্টাসমূহৰ সংশোধিত হাৰৰ ওপৰত পৰামৰ্শ আৰু কাৰ্যকৰীকৰণ সন্দৰ্ভত বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দ্বিতীয় ন্যায়িক দৰমহা আয়োগৰ ভাট্টাসমূহৰ সংশোধিত হাৰৰ ওপৰত পৰামৰ্শ আৰু কাৰ্যকৰীকৰণ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ উপৰিও আইন আৰু ন্যায় বিভাগৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত আছিল।

August 3, 2024 2:21 PM

views 23

জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অৰ্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰা হয় ৷ অসমক বিশ্বৰ অৰ্ধ পৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্ৰতিষ্ঠা কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল’ব বুলি আশা কৰা হৈছে। উদ্যোগটোৱে ৰাজ্যত অত্যাধুনিক প্ৰযুক্তিৰ বিকাশৰ লগতে নিয়োগৰ সুযোগ সৃষ্টি কৰি অৰ্থনৈতিক উন্নয়ন ক্ষীপ্ৰ কৰি তুলিব। মুঠ ২৭ হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষ এই প্ৰকল্পৰ নিৰ্ধাৰণৰ কাম ১৮ মাহৰ ভিত...

August 3, 2024 12:50 PM

views 37

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতত জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন

♦ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অৰ্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰে৷ অসমক বিশ্বৰ অৰ্ধ পৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্রতিষ্ঠিত কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল'ব বুলি আশা কৰা হৈছে। উদ্যোগটোৱে ৰাজ্যত অত্যাধুনিক প্ৰযুক্তিৰ বিকাশ ঘটোৱাৰ লগতে নিয়োগৰ অফুৰন্ত সুযোগ সৃষ্টি কৰি অৰ্থনৈতিক উন্নয়ন ক্ষীপ্ৰ কৰি তুলিব। এই প্ৰকল্পত মুঠ ২৭ হাজাৰ কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে। প্ৰক...

July 29, 2024 8:13 PM

views 19

লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজিৰে পৰা দুদিনীয়াকৈ জিলা আয়ুক্ত সন্মিলন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা আয়ুক্ত সন্মিলন চলি আছে। এই সন্মিলনতে মুখ্যমন্ত্ৰীয়ে ২ অক্টোবৰত উপ জিলাৰ কাম-কাজসমূহ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। সেই অনুসৰি কামৰূপ জিলাত দুখন উপ জিলা হ'ব। প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰাই উপ জিলাৰ কাম-কাজসমূহ চলিব। একে সময়তে স্থায়ী কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যও চলি থাকিব। আনহাতে উপ জিলা কাৰ্যালয়ৰ বাবে লোকনির্মাণ বিভাগে প্রস্তুত কৰা নক্সা সংশিষ্ট জিলা উপায়ুক্তসকলক কাইলৈ সন্মিলনতে...

July 16, 2024 12:22 PM

views 27

বেটকুছিত উপস্থিত হৈ অঞ্চলটোৰ বাট-পথ, নলা নর্দমা আদি পৰিদর্শন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ বেটকুছিত উপস্থিত হৈ অঞ্চলটোৰ বাট-পথ, নলা নর্দমা আদি পৰিদর্শন কৰে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে স্থানীয় ৰাইজৰ সৈতে তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহ সন্দৰ্ভত আলোচনা কৰে। তেওঁ নির্দিষ্ট সময়ত এই সমস্যাসমূহ সমাধানৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। বেটকুছিৰ শিৱশক্তি নগৰত আয়োজিত সভাত মুখ্যমন্ত্ৰীয়ে ভাষণ দিয়ে। এই অনুষ্ঠানত বিধায়ক তৰংগ গগৈ, কমলেক্ষ দে পুরকায়স্থ, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ ...

July 16, 2024 10:29 AM

views 22

বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকাংকৰ ক্ষেত্ৰত অসমে শেহতীয়াকৈ উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে

■ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকাংকৰ ক্ষেত্ৰত অসমে শেহতীয়াকৈ উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। নিটি আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত এই কথা প্ৰকাশ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এই সূচকাংক ২০১৮ চনৰ ৪৯ৰ পৰা বৃদ্ধি পাই সম্প্ৰতি ৭১ লৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে সামগ্রিকভাৱে দেশৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকাংকও ৭১ নির্ধাৰণ কৰা হৈছে। সেই অনুসৰি অসমে সম্প্ৰতি দেশৰ আগস্থানপ্রাপ্ত ৰাজ্যৰ তালিকাত স্থান লা...