September 7, 2024 6:17 PM

views 22

আইন-শৃংখলা পৰিস্থিতি উন্নতৰ দিশত আৰক্ষী আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সহযোগিতাৰে থানা পৰ্যায়ৰ নাগৰিক সমিতিসমূহ গঠন কৰা হৈছেঃ মুখ্যমন্ত্ৰী

ৰাজ্যত আইন-শৃংখলা পৰিস্থিতি উন্নত কৰাৰ দিশত আৰক্ষী আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সহযোগিতাৰে থানা পৰ্যায়ৰ নাগৰিক সমিতিসমূহ গঠন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই নাগৰিক সমিতিসমূহৰ সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ আৰক্ষী আৰু জনসাধাৰণৰ মাজত সহযোগিতাৰ সেতুবন্ধনৰ বাবে থানা পৰ্যায়ৰ নাগৰিক সমিতি গঠন কৰাটো চৰকাৰৰ এটা দীৰ্ঘদিনীয়া সপোন আছিল। https://x.com/himantabiswa/status/1832368415253635514 ইয়াৰ জৰিয়ত...

September 6, 2024 6:13 PM

views 36

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্রী-বিধায়ক উপস্থিত থাকে। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ লোকৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি তথা প্ৰকল্পৰ ধাৰাবাহিক নিৰীক্ষণ আৰু স্থানীয় উন্নয়ন ত্বৰান্বিত ক...

September 6, 2024 6:15 PM

views 40

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি কৰি ১৬টাকৈ সিদ্ধান্ত সন্নিৱিষ্ট প্ৰথমটো নিৰ্দেশনাত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৬টাকৈ সিদ্ধান্ত সন্নিৱিষ্ট প্ৰথমটো নিৰ্দেশনাত স্বাক্ষৰ কৰে। মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰা নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা প্ৰতি বছৰে ২৬ জানুৱাৰী তথা গণৰাজ্য দিৱসৰ দিনা মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ মুখ্যমন্ত্রীৰ সচিবালয় প্ৰাংগনত পতাকা উত্তোলন কৰিব। একেটা নিৰ্দেশনাতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ১৯ খন জিলা আয়ুক্তৰ সালসলনিৰ নিৰ্দেশনাতো স্বাক্ষৰ কৰিছে। মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰা আন নিৰ্দেশনাসমূহ অনুসৰি ১৪ ছেপ্তেম্বৰত কৰম পূজা উপল...

September 5, 2024 8:59 PM

views 32

ঠগ, প্ৰৱঞ্চনাৰ বলি নহ’বলৈ ৰাজ্যবাসীক ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমোদিত প্ৰতিষ্ঠানতহে ধন জমা থ’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

ঠগ, প্ৰৱঞ্চনাৰ বলি নহ'বলৈ ৰাজ্যবাসীক ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমোদিত প্ৰতিষ্ঠানতহে ধন জমা থ'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। অনলাইন ট্রেডিং প্ৰৱঞ্চনা সন্দৰ্ভত প্রতিক্রিয়া আগবঢ়াই তেওঁ জনসাধাৰণক এই সন্দৰ্ভত সজাগ হ'বলৈ আহ্বান জনায়। তেওঁ কয় যে, আৰ বি আই অনুমোদন অবিহনে কোনো লেনদেন কৰিব নোৱাৰে। ৰিজাৰ্ভ বেংকৰ নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। প্ৰয়োজন হ'লে এই সন্দৰ্ভত বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব বুলিও তেওঁ কয়।

September 5, 2024 6:32 PM

views 30

কাইলৈ ডিব্ৰুগড়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্র সচিবালয় মুকলি কৰিব

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ডিব্ৰুগড়ত ক্ষুদ্র সচিবালয় মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনো উপস্থিত থাকিব। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ জনসাধাৰণৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় আঁচনি তথা প্ৰকল্প ধাৰাবাহিক পর্যবেক্ষণ আৰু স্থা...

September 5, 2024 6:29 PM

views 44

ডিব্ৰুগড়ৰ জীৱন নগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উজনি অসম ভ্ৰমণৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ জীৱন নগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

August 28, 2024 10:10 AM

views 23

ৰাজ্যত খিলঞ্জীয়া লোকসকল সুৰক্ষিত হ’লেই অসম সুৰক্ষিত হ’ব- মুখ্যমন্ত্ৰী

● ৰাজ্যত খিলঞ্জীয়া লোকসকল সুৰক্ষিত হ'লেই অসম সুৰক্ষিত হ'ব বুলি কালি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰে। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বিৰোধী বিধায়কৰ সমালোচনাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই হত্যা, ধর্ষণ আদিক সামাজিক অপৰাধ বুলি অভিহিত কৰিছে। অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনৰ কালি দ্বিতীয় দিনা নাৰী নিৰ্যাতন, আলফাৰ দ্বাৰা বোমা স্থাপন আৰু ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি ব্যর্থ হোৱা বুলি অভিযোগ তুলি বিৰোধী পক্ষৰ ক...

August 21, 2024 12:01 PM

views 29

কাইলৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৰাক নদীৰ ওপৰত আৰ চি চি দলং আৰু আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজন

■ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কাইলৈ কাছাৰত বৰাক নদীৰ ওপৰত আৰ চি চি দলং আৰু আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজনত অংশগ্ৰহণ কৰিব। বৰাক নদীৰ দলংখনে সোণাই আৰু লক্ষীপুৰ চহৰ সৈতে শিলচৰ চহৰৰ সংযোগ স্থাপন কৰিব। এই দলং নিৰ্মাণৰ ফলত ৰূপাইবালি, ছিঙাৰবন্দ, বিন্নাকান্দি, চটামামদা, গোবিন্দপুৰ, আলগাপুৰ আৰু বাগপুৰৰ পৰা শিলচৰলৈ ২৫ কিলোমিটাৰ দূৰত্ব হ্ৰাস পাব। ৩৪০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন নিৰ্মাণৰ বাবে ৮৭ কোটি টকাৰ অনুমোদন দিয়া হৈছে। দলংখনৰ নিৰ্মাণে ন্যূনতম মূল্যত বিভিন্ন সামগ্ৰীৰ পৰিবহণ আৰু বিপণ...

August 19, 2024 8:08 PM

views 28

ৰাজ্যত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনা ৰোধৰ তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী ব্যৱস্থা লোৱাৰ কথা প্রকাশ মুখ্যমন্ত্রীৰ

অসম চৰকাৰে ৰাজ্যখনত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনা ৰোধৰ বাবে তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী ব্যৱস্থা লয় বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। তেওঁ কয় যে বিৰোধী পক্ষই সমালোচনা কৰিলেও চৰকাৰে এনে বহু ক্ষেত্ৰত তাৎক্ষণিকভাৱে ন্যায় প্রদানৰ ব্যৱস্থা কৰিছে। চৰকাৰে ভৱিষ্যতেও এনে ক্ষেত্ৰসমূহত তৎকালীনভাৱে ন্যায়ৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত স্মার্ট মিটাৰ সংস্থাপনৰ প্ৰসংগ উল্লেখ কৰি কয় যে ৰাজ্যখনত স্মার্ট মিটাৰ সংস্থাপনৰ ফলত বিদ্য...

August 8, 2024 1:43 PM

views 20

ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু ৬০০ গৰাকী বন সুৰক্ষা বাহিনীৰ জোৱানৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’বঃ মুখ্যমন্ত্ৰী

ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু ছশ গৰাকী বন সুৰক্ষা বাহিনীৰ জোৱানৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি কালি তেওঁ এই কথা ঘোষণা কৰে। লগতে লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন অহা অক্টোবৰ মাহত উদ্বোধন কৰা হ'ব বুলিও তেওঁ কয়। এই একাডেমীলৈ প্ৰশিক্ষণ লাভৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জোৱানসকল আহিবলৈ আৰম্ভ কৰাত একাডেমীখন ৰাষ্ট্ৰীয় পর্যায়ত...