October 9, 2024 7:07 PM

views 5

যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ শাৰদীয় দুর্গোৎসৱ

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ ভিন ভিন বিষয় লৈ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। ইপিনে, ইতিহাস প্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা চলি আছে। ৰাজ্যপাল লক্ষণ প্রসাদ আচাৰ্যই শাৰদীয় দুর্গা পূজা উপলক্ষে অসমৰ জনসাধাৰণক আন্তৰিক...

October 5, 2024 9:34 AM

views 23

দ্বিতীয় পৰ্যায়ত ১৮ খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হ’ব

প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি দ্বিতীয় পৰ্যায়ত ১৮ খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হ'ব। আজি জালুকবাৰী, নতুন গুৱাহাটী, দিছপুৰ, ডিমৰীয়া, অভয়াপুৰী, ৰহা, লামডিং, লাহৰিঘাট, জাগীৰোড, ঢেকীয়াজুলী, ডুমডুমা, নাহৰকটীয়া, দুলিয়াজান, তিখং, নাজিৰা, ডিমৌ, মাহমৰা আৰু লক্ষিপুৰত সমজিলাৰ কাৰ্যালয় মুকলি কৰা হ'ব। জালুকবাৰী, নিউ-গুৱাহাটী সমজিলাখন আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰাৰ বিপৰীতে কামৰূপ মহানগৰ জিলাত গঠন হ'বলগীয়া আন দুখন সমজিলা দিছপুৰ আৰু ডিমৰীয়া মন্ত্ৰী চন্দ্ৰমোহন...

October 4, 2024 11:29 AM

views 27

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ দ্বাৰা অসমীয়া ভাষাক জগতসভালৈ লৈ যাবলৈ আমি সমৰ্থ হ’ম: মুখ্যমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অসমীয়া, মাৰাঠী, পালী, প্ৰাকৃত আৰু বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদানত অনুমোদন জনাইছে। অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সমূহ অসমবাসীৰ হৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছে। তেওঁ কয় যে প্রাচীন কামৰূপ তথা বৰ অসমৰ সভ্যতা সংস্কৃতিৰ এই শিপাডালে আমাক আজি পুনৰবাৰ সমৃদ্ধ কৰিলে। এই সিদ্ধান্তৰ দ্বাৰা অসমীয়া ভাষাক জগতসভালৈ লৈ যাবলৈ আমি সমৰ্থ হ'ম বুলি তেওঁ সামাজিক মাধ্যমযোগে প্রকাশ ক...

October 1, 2024 2:44 PM

views 8

ভাৰতীয় জনতা পাৰ্টীয়ে বৃহস্পতিবাৰে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সংক্ষিপ্ত নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিবঃ হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনৰ দায়িত্বত থকা সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে পৰহিলৈ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সংক্ষিপ্ত নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব। ৰাঁচীত সংবাদ মাধ্যমৰ আগত শ্ৰী শৰ্মাই কয় যে ইয়াৰ পাছত অচিৰেই সম্পূৰ্ণ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হ'ব। তেওঁ কয় যে ঝাৰখণ্ড ৰাজ্য গঠন কৰাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত হেমন্ত চোৰেণ চৰকাৰ ব্যৰ্থ হৈছে। শ্ৰী শৰ্মাই কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে নক্সা প্রস্তুত কৰিছে।

October 1, 2024 10:04 AM

views 19

ৰাজ্যত বৰ্তমানলৈ ৫২ লাখ লোকৰ বিজেপিৰ সদস্য ভৰ্তি অভিযানত যোগদানৰ বাবে মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভৰ্তি অভিযানৰ অধীনত ৰাজ্যত বৰ্তমানলৈ ৫২ লাখ লোকে অনলাইনযোগে বিজেপিত যোগদান কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে। কালি গুৱাহাটীৰ বশিষ্ঠত থকা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ী ভৱনত সদস্য ভৰ্তি অভিযানৰ পৰ্যালোচনা কৰি তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সমগ্ৰ দেশতে অব্যাহত থকা সদস্য ভৰ্তি অভিযানৰ অধীনত ৰাজ্যত দেশৰ ভিতৰত ৮৫ শতাংশ সদস্য ভৰ্তিৰ লক্ষ্য প্রাপ্তিৰে বিশেষ নজিৰ স্থাপন কৰিছে। এইক্ষেত্ৰত অসম সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম স্থানত থকা ব...

October 1, 2024 9:53 AM

views 15

সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ পোষকতা মুখ্যমন্ত্ৰীৰ

■ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ পোষকতা কৰিছে। কালি গুৱাহাটীত সাংবাদিকেৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এন আৰ চিৰ বিষয়টো এতিয়া কেৱল অসমৰ সমস্যা বা বিষয় নহয়। এইটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমস্যা। সেয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত এন আৰ চি যুগুতৰ বিষয়টোক লৈ সংসদত মুকলিমুৰীয়াকৈ আলোচনা হ'ব লাগে। তেওঁ কয় যে, ৰাজ্য চৰকাৰে যিদৰে শুদ্ধ এন আৰ চি বিচাৰি আছে তথা ২০ শতাংশ পুনৰীক্ষণৰ সুবিধা দিব লাগে বুলি কৈ আছে, ঠিক তেনেকৈ ঝাৰখণ্ড বা অন্য ৰাজ্যতো...

September 23, 2024 12:00 PM

views 15

প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ OMR চিটৰ ফটোকপী ৫০ টকাৰ বিনিময়ত পাব পৰা হ’বঃ মুখ্যমন্ত্ৰী

চলিত ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদবোৰ পূৰণৰ বাবে অনুষ্ঠিত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ OMR চিটৰ ফটোকপী ৫০ টকাৰ বিনিময়ত পাব পৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছে। উল্লেখযোগ্য যে চৰকাৰে ২০২১ চনৰ পৰীক্ষা প্ৰাৰ্থীসকলৰ পৰা মাচুল লৈছিল যদিও এইবাৰ সেই মাচুল ৰেহাই দিয়া হৈছে। লক্ষ্যনীয় যে প্ৰশ্নকাকত ফাদিল ৰোধ কৰাৰ বাবে অন্য ব্যৱস্থা বোৰৰ লগতে এইবাৰ পৰীক্ষাৰ্থীক পৰীক্ষাৰ অন্তত প্ৰশ্নকাকত লগত নিবলৈ দিয়া হোৱা নাছিল। ইয়...

September 23, 2024 10:16 AM

views 17

মেধা সম্পন্ন শিক্ষার্থীসকলক উৎসাহ যোগাই উন্নত সুযোগ-সুবিধা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ: মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ৰাজ্যৰ নৱ প্রতিভা তথা মেধা সম্পন্ন শিক্ষার্থীসকলক উৎসাহ যোগাই উন্নত সুযোগ-সুবিধা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। চৰকাৰৰ ধ্বজাবাহী আঁচনি মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্রতিভা সন্ধানৰ অধীনত বিজ্ঞানৰ দিশত উৎসাহী নৱপ্ৰজন্মক উদগণি যোগোৱাৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিৰ অংশ হিচাপে ৰাজ্যৰ ৫ গৰাকী প্ৰতিভাৱান শিক্ষার্থীক বিশ্ব প্রসিদ্ধ কেম্ব্রিজ বিশ্ববিদ্যালয়লৈ চৰকাৰৰ পৃষ্ঠপোষকতাত শৈক্ষিক ভ্ৰমণৰ বাবে প্ৰেৰণ কৰা হৈছে। শিক্ষাৰ্থীকেইগৰাকী হৈছে ক্ৰমে দৰং জিলাৰ...

September 13, 2024 8:13 PM

views 10

বৰ্তমানৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশত গুৰুত্ব আৰোপৰ লগতে আধুনিক শিক্ষা পদ্ধতি গ্রহণ কৰি বিভিন্ন ক্ষেত্ৰৰ দক্ষতা বৃদ্ধি কৰিব লাগিবঃ মুখ্যমন্ত্রী

বৰ্তমানৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰাৰ লগতে তেওঁলোকৰ সৱলীকৰণৰ উদ্দেশ্যে আধুনিক শিক্ষা পদ্ধতি সমূহ গ্রহণ কৰি বিভিন্ন ক্ষেত্ৰৰ দক্ষতা বৃদ্ধি কৰিব লাগিব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। বি বৰুৱা মহাবিদ্যালয়ৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে, প্রগতিশীল বিশ্বৰ পৰিৱৰ্তিত দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলে নিজকে চাকৰিৰ বজাৰখনত যোগ্য কৰি ৰখাৰ বাবে বিভিন্ন দক্ষতা আহৰণ কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে, পৰিৱৰ্তিত শ...

September 13, 2024 8:03 PM

views 8

সোণাপুৰৰ কচুতলিত বে-আইনীভাৱে বসতি স্থাপন কৰাৰ আঁৰত এটা দালাল চক্ৰই কাম কৰি থকাৰ তথ্য পোহৰলৈ আহিছেঃ মুখ্যমন্ত্ৰী

সোণাপুৰৰ কচুতলিত কালি সৃষ্টি হোৱা অনাহূত পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ঠাইখনত বে-আইনীভাৱে বসতি স্থাপন কৰাৰ আঁৰত এটা দালাল চক্ৰই কাম কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। প্ৰশাসনে অতি সোনকালেই দালাল চক্ৰটোক চিনাক্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা ল'ব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, জনজাতিয় লোকসকলৰ ভূমি সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে আপোচ নকৰে। আইনী প্ৰক্ৰিয়াৰে উচ্ছেদ চলাই যোৱা হ'ব। আনহাতে ট্রাইবেল বেল্ট এণ্ড ব্লক আইনখন কংগ্রেছ চৰকাৰে প্ৰৱৰ্তন কৰা বুলি উল্লেখ কৰ...