December 9, 2024 1:37 PM

views 13

শংকৰদেৱে আজিৰপৰা ৫০০ বছৰ পূৰ্বে জাত-পাতৰ বিভেদ আঁতৰাই ঐক্যবদ্ধ সমাজ নিৰ্মাণৰ পৰিৱেশ গঢ়ি তুলিছিলঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়, যে ভাৰতীয় সনাতন সভ্যতাই সৃষ্টিৰ আদিৰেপৰা বৰ্তমানলৈকে সমাজত অস্পৃশ্যতা, উচ্চ-নীচৰ বিভেদ আঁতৰাই সকলোকে একেলগে থকাৰ বাবে প্ৰেৰণা যোগাই আহিছে। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত কালি বাল্মিকী সংগীত বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত ‘সমতাৰ ছন্দেৰে জীৱনৰ জয়গান' শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰীয়ে এনেদৰে কয়। শ্ৰী শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ উৎকৃষ্ট কলাত্মক শৈলী প্ৰদৰ্শনৰ কথা উল্লেখ কৰি সংস্কৃতিৰ মাধ্যমেৰে সমন্বয়ৰ পৰিৱেশ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰ...

December 9, 2024 1:22 PM

views 15

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু আনন্দৰাম বৰুৱা বঁটাৰ অগ্ৰগতি সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰী বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু আনন্দৰাম বৰুৱা বঁটাৰ অগ্ৰগতি সন্দৰ্ভত বুজ লোৱাৰ বাবে জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই আঁচনিসমূহ সুচাৰুৰূপে পালন কৰাৰ বাবে জিলা আয়ুক্তসকলক তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত মন্ত্ৰী অজন্তা নেওগ, জয়ন্ত মল্লবৰুৱা, চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে।

November 30, 2024 7:44 PM

views 16

অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ কাম-কাজ আনুষ্ঠানিকভাৱে উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যখনত নাগৰিককেন্দ্ৰিক সু-শাসন নিশ্চিত কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ কাম-কাজ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কিছুসময় পূৰ্বে মুখ্যমন্ত্ৰীয়ে এই আয়োগৰ কাম-কাজ শুভাৰম্ভ কৰে। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, যে এই আইনে নাগৰিকসকলৰ কল্যাণৰ বাবে নিৰ্ধাৰিত সময়ত কাম-কাজ সম্পন্ন কৰাৰ লগতে নিৰ্ভৰযোগ্যতা আৰু স্বচ্ছতা বৰ্তাই ৰখাটো নিশ্চিত কৰিব। আজিৰ দিনটো অসমৰ ইতিহাসৰ এটা উল্লেখযোগ্য দিন বুলি উল্লেখ কৰি তেওঁ আয...

November 30, 2024 7:10 PM

views 23

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উপস্থিত বিশেষজ্ঞসকলৰ পৰা যিমান সম্ভৱ সিমান শিকিবলৈ অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক মুখ্যমন্ত্রীৰ আহ্বান

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উপস্থিত বিশেষজ্ঞসকলৰ পৰা যিমান সম্ভৱ সিমান শিকিবলৈ অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মহোৎসৱখনক শিকাৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ চি আই এছ আৰ, বিজ্ঞান প্ৰযুক্তি মন্ত্ৰ্যালয় আৰু ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ...

November 7, 2024 6:45 PM

views 16

চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

অহা ১৩ নৱেম্বৰত ৰাজ্যৰ ৫টা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাই আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শর্মাই আজি চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থী দুগৰাকীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চামগুৰি উচ্চতৰ মাধ্যমিক খেলপথাৰ, বিহালী স্নাতক মহাবিদ্যালয় খেলপথাৰ আৰু মহাবীৰ বিদ্যালয় খেলপথাৰত অনুষ্ঠিত নির্বাচনী সভাত উন্নয়নৰ স্বাৰ্থত দলীয় প্ৰাৰ্থী দুগৰাকীক সমর্থন জনাবলৈ আহ্বান জনায়। ইফালে অসম প্রদেশ ক...

November 6, 2024 12:56 PM

views 22

নুনমাটিৰ পৰা ৰিজাৰ্ভবেংক সংযোগী নির্মীয়মান উৰণ সেতু নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যোৱানিশা নুনমাটিৰ পৰা ৰিজাৰ্ভবেংক সংযোগী নির্মীয়মান উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। লোকনিৰ্মাণ বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে গুৱাহাটী ক্লাবত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণসেতুখন সমাপ্ত পৰিবলগীয়া অংশটোৰ বুজ লয়। সাংবাদিকেৰে হোৱা কথা-বতৰাত তেওঁ কয় যে উৰণ সেতুখন পূৰ্বৰ তুলনাত এতিয়া কিছু সৰু কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বতে লোৱা সিদ্ধান্ত অনুসৰি নুনমাটি দিশৰ পৰা আহিলে উৰণসেতুখন ৰিজাৰ্ভ বেংকত শেষ হ'লহেঁতেন, কিন্তু এতিয়া ৰবীন্দ্ৰ ভৱনৰ সন্মুখত ...

November 6, 2024 10:19 AM

views 17

নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী নির্মীয়মান উৰণ সেতুৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱানিশা নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী নির্মীয়মান উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। লোকনিৰ্মাণ বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে গুৱাহাটী ক্লাবত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণসেতুখন সমাপ্ত পৰিবলগীয়া অংশটোৰ বুজ লয়। সাংবাদিকেৰে হোৱা কথা-বতৰাত তেওঁ কয় যে উৰণ সেতুখন পূৰ্বৰ তুলনাত এতিয়া কিছু সৰু কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বতে লোৱা সিদ্ধান্ত অনুসৰি নুনমাটি দিশৰ পৰা আহিলে উৰণসেতুখন ৰিজাৰ্ভ বেংকত শেষ হ'লহেঁতেন, কিন্তু এতিয়া ৰবীন্দ্ৰ ভৱনৰ সন্মু...

November 5, 2024 2:27 PM

views 27

ধলাই সমষ্টিত বিজেপিৰ উন্নয়নমূলক নীতিৰ পৰা যথেষ্ট লাভান্বিত হৈছেঃ মুখ্যমন্ত্রী

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি ধলাই বিধানসভা সমষ্টিত বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্রী শর্মাই কয় যে ধলাই সমষ্টিত বিজেপিৰ উন্নয়নমূলক নীতিৰ পৰা যথেষ্ট লাভান্বিত হৈছে। কালি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলটোৰ কেন্দ্ৰীয় নেতা জিতেন্দ্র সিঙে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলায়। এই সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক খলিলউদ্দিন...

October 13, 2024 8:41 PM

views 12

ৰাজ্য চৰকাৰে ২০২৭-২৮ বৰ্ষৰ ভিতৰত অতিৰিক্ত দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে অসমৰ বৰ্ধিত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ ২০২৭-২৮ বৰ্ষৰ ভিতৰত অতিৰিক্ত দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰিছে। ৰাজ্যখনত বৰ্ধিত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ দুহেজাৰ মেগাৱাটকৈ অধিক সন্মিলিত ক্ষমতাৰ কেইবাটাও বিদ্যুৎ প্রকল্প বর্তমান প্রস্তুতি পূৰ্ণ পৰ্যায়ত আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ২০২৭-২৮ বৰ্ষত ৰাজ্য চৰকাৰে এই প্ৰকল্পসমূহৰ জৰিয়তে দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব বুলি আশা প্ৰকাশ কৰ...

October 10, 2024 7:16 PM

views 15

গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দেৱী দুৰ্গাৰ আশিস গ্ৰহণ

শাৰদীয় দুর্গা পূজাৰ আজি সপ্তমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। পূজা মণ্ডপসমূহত আজি যথাবিহিত ৰীতি-নীতিৰে সপ্তমী পূজা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটকধুনীয়াকৈ সজোৱা পূজা মণ্ডপসমূহ নানাৰঙী আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। পূজাৰ মন্ত্রোচাৰণ, আয়তীৰ উৰুলি, ঢাক-শংখধবনিয়ে মাংগলিক তথা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে। লোকবিশ্বাস অনুসৰি দেৱী দুৰ্গাক আবাহন আৰু বোধনৰ জৰিয়তে অশুভ শক্তিৰ বিনাশ কৰা হয়। আনহাতে, বিভিন্ন অপায়-অমংগল, দুর্যোগ বিভীষিকা নাশ কৰি শান্তি আৰু...