March 4, 2025 9:43 AM

views 25

ৰাজ্যত ক্ৰমাৎ‍ অপৰাধমূলক ঘটনা হ্ৰাস পাইছে: মুখ্যমন্ত্রী

ৰাজ্যত ক্ৰমাৎ‍ হত্যা, ধর্ষণকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনা হ্ৰাস পাইছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সদনৰ মজিয়াত প্ৰকাশ কৰিছে। গৃহ বিভাগৰ দায়িত্বত থকা ড° শৰ্মাই আইন-শৃংখলা সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত বিগত কেইবাটাও বছৰৰ অপৰাধমূলক ঘটনাৰ তথ্য দাঙি ধৰি গুৱাহাটী মহানগৰীত সংঘটিত ধৰ্ষণৰ ঘটনাসমূহ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে আৰক্ষীৰ টহল বৃদ্ধি কৰিছে বুলি সদৰি কৰিছে। তদুপৰি বিভিন্ন হোটেল, বাৰ আদিত চকু ৰখাৰ উপৰি এনে ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ ব্যৱস্থা কৰি দোষীৰ ওপৰত আইন সংগত ব্যৱস্থা লোৱা হৈছে ব...

March 1, 2025 2:23 AM

views 25

৫ হাজাৰ আসনবিশিষ্ট সন্মিলনকেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাত নির্মীয়মান ৫ হাজাৰ আসনবিশিষ্ট সন্মিলনকেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। সন্মিলন কেন্দ্ৰটোত বাগিছা, প্রেক্ষাগৃহ, প্রদর্শনী স্থান, ৰেষ্টুৰেণ্ট, কাৰ্যালয় কক্ষ, জিৰণি কক্ষ, অতিথিশালা, অভ্যার্থনা কক্ষ, ব্যায়ামাগাৰ, ব্যৱসায়ীক কেন্দ্ৰ, বহুমুখী ভৱন, ৰাজ্যিক অতিথিশালা কক্ষ, সংবাদ মাধ্যম কক্ষ আদি বিভিন্ন সুবিধা থাকিব। মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰিত সময়ত যথোচিতভাৱে সন্মিলন কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগীয় বিষয়াসকলক যাৱত...

February 24, 2025 7:41 PM

views 32

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

ঝুমইৰ বিনন্দিনী আৰু বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময় পূর্বে গুৱাহাটীত উপস্থিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ বাচক বনিয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে প্ৰধানমন্ত্ৰী মোদীক গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিপুল সম্ভাষন জনোৱা হয়। বিমান বন্দৰৰ পৰা সৰুসজাইলৈ পথৰ দুয়োক...

February 17, 2025 6:51 PM

views 22

বিধানসভাত অসম লোকসেৱা আয়োগৰ ২০১৩-২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়ম সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্রতিবেদন দাখিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়ম সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্রতিবেদন দাখিল কৰে। প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত আয়োজন কৰা অসম বিধানসভা অধিৱেশনে বড়ো জনগোষ্ঠী আৰু বিটিআৰ এলেকাত বসবাস কৰা জনসাধাৰণৰ প্ৰতি থকা ৰাজ্য চৰকাৰৰ দায়বদ্ধতাকে সূচাইছে বুলি মুখ্যমন্ত্রী শর্মাই মত-ব্যক্ত কৰে। তেওঁ কয়, যে এই অধিৱেশনে জনমুখী সেৱাৰ প্ৰতি ৰাজ্য চৰকাৰৰ গুৰুত্ব প্ৰদানৰ দিশটোক পুনৰবাৰ প্ৰ...

February 14, 2025 7:31 PM

views 119

ছিংগাপুৰ ভ্ৰমণ অত্যন্ত আশাব্যঞ্জক আৰু ফলপ্ৰসূ বুলি প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ ভিত্তিক কাৰ্যসূচীৰ অংশ হিচাপে ছিংগাপুৰ ভ্ৰমণ অত্যন্ত আশাব্যঞ্জক আৰু ফলপ্ৰসূ আছিল বুলি উল্লেখ কৰিছে। এই শীৰ্ষ সন্মিলনৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰৰ কোম্পানীসমূহৰ অসমৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ জড়িয়তে নিয়োগ আৰু সুযোগ সৃষ্টি কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস কৰিছে বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকী ছিংগাপুৰ ভ্ৰমণ সামৰি আজি গুৱাহাটীত উপস্থিত হয়।

February 12, 2025 10:52 AM

views 23

ছেমিকণ্ডাক্টৰ আৰু উদ্যোগ খণ্ডত ছিংগাপুৰৰ অংশীদাৰিত্বই ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য খণ্ডক অধিক সমৃদ্ধ কৰিব: মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে কালি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছানমুগাৰত্নম, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণণ, ছিংগাপুৰ আই টি ই শিক্ষা সেৱাৰ মুখ্য কাৰ্যবাহী বিষয়া সুৰেশ নটৰাজন, সুবানা জুৰঙৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ এক আৰু ছেমিকণ্ডাক্টৰ উদ্যোগৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰে। ড০ শৰ্মাই তেওঁলোকৰ সৈতে নগৰ পৰিকল্পনাৰে ৰাজ্যত চহৰ আৰু ঔদ্যোগিক উদ্যান নির্মাণ,...

February 11, 2025 11:11 AM

views 20

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ; ছিংগাপুৰত উপস্থিত মুখ্যমন্ত্ৰী

■ এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যোৱা নিশা ছিংগাপুৰত উপস্থিত হয়। ছিংগাপুৰত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীক ভাৰতৰ উচ্চায়ুক্ত ড০ শিল্পক আম্বুলেই আদৰণি জনায়। এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছিংগাপুৰ চৰকাৰ আৰু দেশখনৰ উদ্যোগপতিসকলৰ সৈতে আলোচনাত মিলিত হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ৰোড শ্ব’তো অংশগ্ৰহণ কৰাৰ লগতে বাণিজ্যিক সহযোগিতা আৰু বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ প্ৰতিষ্ঠিত উদ্যোগপতিসকলৰ সৈতে কেইবাখনো ...

February 10, 2025 8:03 PM

views 22

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি অব্যাহত

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। আজি কেইবাগৰাকীও মন্ত্ৰীয়ে এই সন্মিলন সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই আজি গুৱাহাটীত জনতাভৱনৰ কাৰ্যালয় কক্ষত সন্মিলনৰ আদৰণি সমিতি, নীতি নিৰ্ধাৰণ আৰু যাতায়ত ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এই সন্মিলনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। আজিৰ এই বৈঠকত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবৰ উপৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। মন্ত্রী পীযূষ হাজৰিকাই আজি এই সন্মিলনৰ অংশ হিচাপে ...

February 7, 2025 8:13 PM

views 23

পলাশবাৰীৰ আগছিয়া-মাজিৰ গাঁৱত পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ নৱজাগৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পলাশবাৰীৰ আগছিয়া-মাজিৰ গাঁৱত পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে। পি এম শ্ৰী আঁচনিৰ অধীনত এই বিদ্যালয়খন ৰাষ্ট্ৰীয় আদৰ্শ উৎকর্ষতা বিদ্যালয়লৈ উন্নীত কৰা হ'ব। ইয়াৰ জৰিয়তে বিদ্যালয়খনৰ সামগ্রিক বিকাশ সাধন কৰি সকলো শৈক্ষিক প্ৰত্যাহ্বান অতিক্ৰম কৰিব পৰাকৈ গঢ়ি তোলা হ'ব। তদুপৰি এই আদৰ্শ বিদ্যালয়খনে অঞ্চলটোৰ একাধিক বিদ্যালয়ক শৈক্ষিক ...

January 28, 2025 8:36 PM

views 21

ৰাজ্য চৰকাৰে পুনৰ ৪০ৰ পৰা ৫০ হাজাৰ নিযুক্তি প্ৰদান কৰিবঃ মুখ্যমন্ত্রী

ৰাজ্য চৰকাৰে চলিত বৰ্ষত পুনৰ ৪০ৰ পৰা ৫০ হাজাৰ নিযুক্তি প্ৰদান কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি হাউলীত এই কথা প্ৰকাশ কৰে। কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ পথত হাউলীৰ ৰাস মন্দিৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰ সাজু হৈ আছে আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হোৱাৰ লগে লগে এই নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব।