February 10, 2025 8:03 PM

views 13

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি অব্যাহত

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। আজি কেইবাগৰাকীও মন্ত্ৰীয়ে এই সন্মিলন সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই আজি গুৱাহাটীত জনতাভৱনৰ কাৰ্যালয় কক্ষত সন্মিলনৰ আদৰণি সমিতি, নীতি নিৰ্ধাৰণ আৰু যাতায়ত ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এই সন্মিলনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। আজিৰ এই বৈঠকত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবৰ উপৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। মন্ত্রী পীযূষ হাজৰিকাই আজি এই সন্মিলনৰ অংশ হিচাপে ...

February 7, 2025 8:13 PM

views 10

পলাশবাৰীৰ আগছিয়া-মাজিৰ গাঁৱত পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ নৱজাগৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পলাশবাৰীৰ আগছিয়া-মাজিৰ গাঁৱত পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে। পি এম শ্ৰী আঁচনিৰ অধীনত এই বিদ্যালয়খন ৰাষ্ট্ৰীয় আদৰ্শ উৎকর্ষতা বিদ্যালয়লৈ উন্নীত কৰা হ'ব। ইয়াৰ জৰিয়তে বিদ্যালয়খনৰ সামগ্রিক বিকাশ সাধন কৰি সকলো শৈক্ষিক প্ৰত্যাহ্বান অতিক্ৰম কৰিব পৰাকৈ গঢ়ি তোলা হ'ব। তদুপৰি এই আদৰ্শ বিদ্যালয়খনে অঞ্চলটোৰ একাধিক বিদ্যালয়ক শৈক্ষিক ...

January 28, 2025 8:36 PM

views 12

ৰাজ্য চৰকাৰে পুনৰ ৪০ৰ পৰা ৫০ হাজাৰ নিযুক্তি প্ৰদান কৰিবঃ মুখ্যমন্ত্রী

ৰাজ্য চৰকাৰে চলিত বৰ্ষত পুনৰ ৪০ৰ পৰা ৫০ হাজাৰ নিযুক্তি প্ৰদান কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি হাউলীত এই কথা প্ৰকাশ কৰে। কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ পথত হাউলীৰ ৰাস মন্দিৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰ সাজু হৈ আছে আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হোৱাৰ লগে লগে এই নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব।

January 28, 2025 7:01 PM

views 19

বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

অসমত বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে তেওঁ হৰিণাগুৰিত নতুনকৈ নিৰ্মাণ কৰা বি টি চি ৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলৰ আবাসিক চৌহদো মুকলি কৰে। তদুপৰি মুখ্যমন্ত্ৰীয়ে আজি কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ আধাৰশিলাও স্থাপন কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড° শৰ্মাই কোকৰাঝাৰত আয়োজন কৰা বাথৌ পূজাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযো...

January 22, 2025 6:27 PM

views 19

জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগমন্ত্রী কোগা য়ুইচিবোক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিস্তৃত প্ৰসাৰ আৰু এই পদক্ষেপত বহিঃৰাষ্ট্ৰৰ পৰা সহযোগিতা লাভৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগমন্ত্রী কোগা য়ুইচিবোক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জাপানী প্ৰতিষ্ঠানৰ দ্বাৰা ব্যৱসায়িক উদ্যান স্থাপনৰ বাবে অসমৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা কৰে। মুখ্যমন্ত্রী ড০ শৰ্মাই জাপান চৰকাৰৰ কাৰিকৰী শিক্ষানবীছ প্রশিক্ষণ আৰু নিৰ্দিষ্ট দক্ষতা কর্মী কাৰ্যসূচীৰ বাবে পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰো...

December 24, 2024 1:26 PM

views 15

চলিত বছৰত ৰাজ্যত পথ দুর্ঘটনা ৭২.৫৬ শতাংশ বৃদ্ধি

চলিত বছৰত ৰাজ্যত পথ দুর্ঘটনা ৭২.৫৬ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে দুৰ্ঘটনাত মৃত্যুৰ হাৰ যোৱা বছৰৰ তুলনাত এই বছৰ ১৪.২৮ শতাংশ হ্রাস পাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী, পথ পৰিবহনকে ধৰি কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে হোৱা বৈঠকৰ পাছত মুখ্যমন্ত্রীয়ে এই বিষয়ে প্ৰকাশ কৰি কয়, যে যোৱাবছৰ ৰাজ্যখনত ৬,৬৯৮টা দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে এইবাৰ ৰাজ্যখনত সংঘটিত দুৰ্ঘটনাৰ সংখ্যা ১১,৫৫৮ লৈ বৃদ্ধি পাইছে। ড০ শৰ্মাই কয়, যে সমাগত উৎসৱৰ সময়ছোৱাৰ উপৰি অন্য সময়তো ৰাজ্যখনক পথ দুৰ্ঘটনাৰ পৰা মুক্ত ...

December 19, 2024 7:39 PM

views 10

ৰাজ্য চৰকাৰে যোৱা ১১ ডিচেম্বৰত আৰম্ভ কৰা বিকাশৰ ১২ দিন শীৰ্ষক উন্নয়নমূলক কাৰ্যসূচীৰ আজি এসপ্তাহ সম্পূৰ্ণ

ৰাজ্য চৰকাৰে যোৱা ১১ ডিচেম্বৰত আৰম্ভ কৰা বিকাশৰ ১২ দিন শীৰ্ষক উন্নয়নমূলক কাৰ্যসূচীৰ আজি এসপ্তাহ সম্পূৰ্ণ হৈছে। বিগত সপ্তাহত বিভিন্ন জিলাত এই কাৰ্যসূচীৰ অংশ হিচাপে ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৩২ হাজাৰ ৫৬২ গৰাকী ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে। তদুপৰি ২ লাখ ১৩ হাজাৰৰো অধিক নৱম শ্ৰেণীৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল প্ৰদান কৰা হৈছে। ১৮ হাজাৰ ৯৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীক এই সময়ছোৱাত আনন্দৰাম বৰুৱা বঁটাৰ অধীনত বেংক একাউণ্টযোগে আর্থিক উদগণি প্ৰদান কৰা হৈছে। একেদৰে অসম মাই...

December 19, 2024 5:41 PM

views 16

ৰাজভৱনৰ সন্মুখত কোনোধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ বাবে এতিয়াৰে পৰা অনুমতি প্ৰদান কৰা নহ’বঃ মুখ্যমন্ত্রী

ৰাজভৱনৰ সন্মুখত কোনোধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ বাবে এতিয়াৰে পৰা অনুমতি প্ৰদান কৰা নহ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে প্রতিবাদ সাব্যস্ত কৰাৰ বাবে ইতিপূৰ্বে নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰি দিয়া হৈছে। ৰাজ্যপালৰ সাংবিধানিক পদ মর্যাদা দলীয় ৰাজনীতিৰ উৰ্ধত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে কালি কংগ্ৰেছ দলৰ নেতাসকলে আৰক্ষীৰ বেষ্টনী ভংগ কৰি ৰাজভৱনত বলপূৰ্বকভাৱে প্ৰৱেশৰ চেষ্টা চলোৱাৰ লগতে বিশৃংখলতাৰ সৃষ্টি কৰিছিল। আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰি এই সন্দৰ্ভত ৰেকৰ্ড হো...

December 18, 2024 10:33 AM

views 18

ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ভূটান ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম আৰু ভূটানৰ মাজৰ ঐতিহ্যপূৰ্ণ সম্পৰ্ক অধিক সূদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ভূটানৰ প্ৰধানমন্ত্ৰী দাছ’ চেৰিং টবগেৰ সৈতে দুয়োখন ৰাষ্ট্ৰৰ পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয়ৰ লগতে বাণিজ্যিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে আলোচনা কৰে। তেওঁ কয়, যে ভূটান আৰু অসমৰ মাজত পূৰ্বৰে পৰা ৭টা বাণিজ্যিক পথেৰে যাতায়াত ব্যৱস্থা অব্যাহত আছে। দুয়োখন ভূখণ্ডৰ মাজৰ ব্যৱসায়-বাণিজ্য বৃদ্ধিৰ বাবে অ...

December 10, 2024 6:57 PM

views 16

জামুগুৰিহাটত ছহিদ দিৱসত ১৫৯টা ছহিদ পৰিয়ালক সম্বৰ্ধনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

ঐতিহাসিক অসম আন্দোলনৰ ৮৬০ গৰাকী ছহিদ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ বিভিন্ন স্থানত ছহিদ দিৱস পালন কৰা হয়। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত কেন্দ্রীয়ভাৱে আয়োজিত ছহিদ দিৱসত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি ১৫৯টা ছহিদ পৰিয়ালক সম্বৰ্ধনা জনায়। মুখ্যমন্ত্ৰীয়ে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আত্মবলিদান দিয়া অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ জাতীয় জীৱনৰ জটিল সন্ধিক্ষণত সূত্ৰপাত হোৱা অসম আন্দোল...