May 6, 2025 9:43 AM

views 28

অহা বিধানসভা নির্বাচলৈ অগপ আৰু বিজেপিৰ মিত্ৰতা অটুত থাকিব: মুখ্যমন্ত্রী

অহা বিধানসভা নির্বাচলৈ অগপ আৰু বিজেপিৰ মিত্ৰতা অটুত থাকিব। বজালীত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। বজালীত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে মিত্ৰতা অটুত থাকিলেও পৰৱৰ্তী বিধানসভা নিৰ্বাচনত আসনৰ সংখ্যা কম-বেছি হ'ব পাৰে। ইপিনে, বিটিআৰৰ আসন্ন নির্বাচনৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মিত্রতা নহ'বও পাৰে বুলি জানিবলৈ দিয়ে। অৱশ্যে বিটিআৰ নিৰ্বাচনত বিজেপি আৰু ইউ পি পি এলে বন্ধুত্বমূলক...

May 5, 2025 6:40 PM

views 16

মুখ্যমন্ত্রীৰ অশোভনীয় মন্তব্যৰ অভিযোগ তুলি অসম প্রদেশ মহিলা কংগ্ৰেছৰ অসম ৰাজ্যিক মহিলা আয়োগত লিখিত অভিযোগ দাখিল

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাসকলৰ প্ৰতি অশোভনীয় মন্তব্য কৰাৰ অভিযোগ তুলি আজি অসম প্রদেশ মহিলা কংগ্ৰেছে অসম ৰাজ্যিক মহিলা আয়োগত লিখিত অভিযোগ দাখিল কৰে। মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ নেতৃত্বৰ এটা দলে এই অভিযোগ পত্ৰ দাখিল কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনায়। অসম প্রদেশ মহিলা কংগ্ৰেছে আজি এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগলৈও অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে, পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই মহিলাক ল...

May 5, 2025 6:18 PM

views 15

পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি ৪.৩০ বজাত সামৰণি

পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি ৪.৩০ বজাত সামৰণি পৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পৰহিলৈ অনুষ্ঠিত হ'ব। প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলায়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াও কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ ...

April 26, 2025 8:07 PM

views 20

শ্রীভূমি জিলাৰ নিলাম বজাৰত আয়োজিত বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রতিদিনে নির্বাচনী প্ৰচাৰত অংশ লৈছে। মুখ্যমন্ত্ৰগৰাকীয়ে আজি বৰাকৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলায়৷ শ্রীভূমি জিলাৰ নিলাম বজাৰত আয়োজিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি সমর্থিত প্রার্থীসকলক ভোট দিব আহ্বান জনায়। শ্রীভূমিত আয়োজিত সংকল্প সভাখনত মন্ত্ৰী কৃষ্ণেন্দু পাল,...

April 26, 2025 7:23 PM

views 10

পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে। পহলগামৰ নৃশংস ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত আজি গুৱাহাটীৰ পৰা ডিম্পল বৰুৱা ওৰফে দধীচি ডিম্পলক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। একেদৰে শ্ৰীভূমি জিলাৰ কালিগঞ্জৰ পৰা মুস্তাক আহমেদ ওৰফে ছাহিল হক নামৰ যুৱক এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কামৰূপ জিলাৰ হাজোৰ পৰা আন এজন লোকক অনুৰূপ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱা...

April 22, 2025 9:58 AM

views 33

ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে আয়ৰ প্ৰমাণ-পত্ৰ অবিহনে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিবঃ মুখ্যমন্ত্ৰী

● ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা আয়ৰ প্ৰমাণ-পত্র অবিহনে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। এই সন্দৰ্ভত অচিৰেই চৰকাৰী জাননী প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুক আহ্বান জনাইছে। কালি ধেমাজি আৰু ডিগবৈত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ পঞ্চায়ত নিৰ্বাচন প্ৰচাৰ চলোৱাৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কথা ঘোষণা কৰিছে। তেওঁ কয়, যে ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰে পৰা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে গাঁওবুঢ...

April 5, 2025 8:52 PM

views 18

অৰুণাচল প্ৰদেশৰ আলোত আয়োজিত ৫৯ সংখ্যক মপিন উৎসৱত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অৰুণাচল প্ৰদেশৰ আলোত আয়োজিত ৫৯ সংখ্যক মপিন উৎসৱত অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ মূলতঃ ইষ্ট আৰু ৱেষ্ট ছিয়াং জিলাৰ গালো জনগোষ্ঠীয় লোকসকলে মপিন উৎসৱ পালন কৰি আহিছে। প্ৰকৃতি শক্তি আৰু সমৃদ্ধিৰ বাবে উদযাপন কৰা মপিন উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু গালো জনগোষ্ঠীয় আয়োজক মণ্ডলীক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অৰুণাচল প্ৰদেশ আৰু অসম কেৱল ভৌগোলিক সীমাৰেই নহয় বহু শতিকাজোৰা ঐতিহ...

April 1, 2025 1:07 PM

views 27

মুখ্যমন্ত্ৰীৰ উপস্থিতিত জামুগুৰিহাটত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় আন্তঃক্রীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন

■ দুদিনীয়া ভ্ৰমণসূচীৰে বিশ্বনাথত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় আন্তঃক্রীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব। এক কোটি ৭০ লাখ টকা ব্যয় সাপেক্ষে নতুনকৈ স্থাপন কৰিবলগীয়া এই ক্রীড়া প্ৰকল্পটোত দুখন বেডমিণ্টন কোর্ট, ৪ খন টেবল টেনিছ কোর্ট আৰু যোগাভ্যাস, শৰীৰচৰ্চা আৰু কাৰ্যালয়ৰ বাবে এটাকৈ কোঠা উপলব্ধ হ'ব। এই একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰিব। অনুষ্ঠানত নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায...

April 1, 2025 12:56 PM

views 21

উত্তৰ-পূৰ্বাঞ্চলক লৈ মহম্মদ ইউনুছৰ মন্তব্যক তীব্ৰভাৱে গৰিহণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সাতভনীৰ ৰাজ্য উত্তৰ-পূৰ্বাঞ্চলক স্থলবদ্ধ আৰু বাংলাদেশক মহাসাগৰীয় প্ৰৱেশৰ ৰক্ষক হিচাপে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কৰা মন্তব্যক তীব্ৰভাৱে গৰিহণা দিছে। ড০ শৰ্মাই এই মন্তব্যক আপত্তিজনক বুলি অভিহিত কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকেন নেক কৰিড'ৰৰ চাৰিওফালে আৰু অধিক শক্তিশালী ৰে'ল আৰু পথৰ সংযোগ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ উত্তৰ-পূৱক মূল ভাৰতৰ সৈতে সংযোগ কৰাৰ বিকল্প পথসমূহৰ অন্বেষণ সন্দৰ্ভত ...

March 30, 2025 6:34 PM

views 12

কামপুৰত কপিলী নৈৰ ওপৰত নিৰ্মাণ কৰা দলঙৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

● মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁৱৰ কামপুৰত কপিলী নৈৰ ওপৰত নিৰ্মাণ কৰা দলঙৰ শুভ উদ্বোধন কৰে। ২৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা দলংখন উন্মোচন কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কামপুৰ ৰে'লৱে উৰণ সেতুও মুকলি কৰে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁও জিলাৰ পুৰণিগুডামৰ ঐতিহ্যমণ্ডিত বাপুজী ভৱনৰ নৱনিৰ্মিত ভৱনৰ দ্বাৰ মুকলি কৰে। এই অনুষ্ঠানটোৰ আন্তঃগাঁথনি উন্নয়নৰ অৱশিষ্ট কাম সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰে ১ কোটি টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীযে ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁও ভ্ৰমণৰ...