May 27, 2025 11:34 AM

views 39

উত্তৰ-পূৰ্বাঞ্চলৰ বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ উদ্দেশ্যে উড়ান আঁচনিৰ পুনৰীক্ষণত গুৰুত্ব আৰোপ কেন্দ্ৰৰ

■ উত্তৰ-পূৰ্বাঞ্চলৰ বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে উড়ান আঁচনিৰ পুনৰীক্ষণত গুৰুত্ব আৰোপ কৰা হৈছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী কে ৰামমোহন নাইডুৱে কালি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কালি নতুন দিল্লীত বিষয়টো সন্দৰ্ভত আলোচনা কৰী শ্রী নাইডুৱে যোৰহাট-ডিব্ৰুগড় আৰু শিলচৰক আন কেইবাখনো চহৰৰ সৈতে সংযুক্ত কৰাৰ কথা প্ৰকাশ কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিমান যোগাযোগ আৰু অসমৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই...

May 27, 2025 10:58 AM

views 20

যোৱা এটা দশকত অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৩ৰ পৰা ১৫ শতাংশ হাৰত বৃদ্ধি পাইছে: মুখ্যমন্ত্ৰী

● ক’ভিড কালক বাদ দি যোৱা এটা দশকত অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৩ৰ পৰা ১৫ শতাংশ হাৰত বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। চলিত বছৰত গুৱাহাটী অনুষ্ঠিত এডভান্টেজ আছামৰ তৃতীয় সংস্কৰণত ইয়াৰ প্ৰভাৱ প্ৰতিফলিত হৈছে বুলি ড০ শৰ্মাই উল্লেখ কৰে। কালি দেশৰ ইলেকট্রনিকছ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিৰ সৈতে দিল্লীত অনুষ্ঠিত আছাম ইলেকট্রনিকছ ৰাউণ্ড টেবুল ২০২৫ শীৰ্ষক সন্মিলনত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। অসম উত্তৰ-পূৰ্বাঞ্চলৰ কেন্দ্ৰস্থলত অৱস্থিত হোৱাৰ লগতে কৌশলগত দিশ...

May 23, 2025 12:04 PM

views 15

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ যোৰহাট-মাজুলী দলঙৰ বাবে নিবিদা প্ৰক্ৰিয়া পুনৰ মুকলি

■ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে যোৰহাট-মাজুলী দলঙৰ বাবে নিবিদা প্ৰক্ৰিয়া পুনৰ মুকলি কৰিছে। ৬ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ দুইলেনযুক্ত এই দলংখনৰ নিৰ্মাণ ব্যয় আনুমানিক ৬০০ কোটি ৫১ লাখ টকা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে। ড০ শৰ্মাই এই সদ্দিচ্ছামূলক প্ৰয়াসৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

May 23, 2025 11:59 AM

views 23

২০২৭-২৮ বিত্তীয় বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ পৰিকল্পনা সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ

● ২০২৭-২৮ বিত্তীয় বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ১০ লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কালি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ সৈতে এটা ফলপ্রসূ আলোচনাত মিলিত হৈ এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক অসম চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিক দিশটো শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰি অনাগত দিনত ৰাজ্যখনত ৰূপায়ণ হ'বলগীয়া কেইবাটাও প্ৰকল্পৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ বিশেষকৈ নামৰূপত নতুন সাৰ কাৰখানা...

May 22, 2025 11:53 AM

views 16

আৰক্ষীক অধিক জনমুখী, তৎপৰ আৰু দায়বদ্ধ কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন পৰামৰ্শ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আইন শৃংখলা সবলীকৰণ, অপবাধ অনুসন্ধান প্রক্রিয়া অধিক ক্ষিপ্ৰ কৰা আৰু আৰক্ষীৰ বাহিনীৰ সংস্কাৰত গুৰুত্ব আৰোপ কৰিছে। কালি দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত অনুষ্ঠিত দুদিনীয়া আৰক্ষী অধীক্ষক সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক অধিক জনমুখী, তৎপৰ আৰু দায়বদ্ধ কৰি তোলাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে অভিযোগকৰণ সঞ্চালক গঠনৰো সিদ্ধান্ত গ্রহণ কৰে। এই পদক্ষেপে অপৰাধ অনুসন্ধান আৰু ফবিয়াদী প্রক্রিয়া অধিক কার্যকৰী তথা সুষম কৰি তুলিব।

May 22, 2025 11:46 AM

views 29

১ অক্টোবৰৰ পৰা চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২২০ টকাৰ পৰা ২৫০ টকালৈ বৃদ্ধিৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

● ৰাজ্যত সংগীত মহোৎসৱ আয়োজনেৰে পৰ্যটনকেন্দ্রিক অর্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে অসম মন্ত্রীসভাই কালি উন্নতমানৰ সংগীতানুষ্ঠান আয়োজনত অনুমোদন জনায়। এই অনুসৰি অহা ৮ ডিচেম্বৰত গুৱাহাটীত প্ৰথমখন বৃহৎ সংগীতানুষ্ঠানৰ আয়োজন কৰা হ'ব। আমেৰিকান ৰেপাৰ প'ষ্ট মেলনে এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি দেৰগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকৰ পাছত সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে পৰৱৰ্তী সময়ত যোৰহাট, ডিব্ৰুগড় আদিতো এনে কনছাৰ্ট বা সংগীতানুষ্ঠানৰ আয়োজন ...

May 21, 2025 6:57 PM

views 15

দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত আজি পুৱাৰ ভাগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ৰাজ্যত সংগীত উৎসৱ পৰ্যটন অর্থনীতি গঢ়াৰ বাবে উন্নতমানৰ সংগীতানুষ্ঠান আয়োজনৰ স্থানসমূহ বিশ্বমানৰ পোহৰ আৰু শব্দ প্ৰযুক্তিৰ সৈতে বিকশাই তুলিবলৈ আজিৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ সৌৰশক্তি উৎপাদনৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ অসম সৌৰশক্তি উৎপাদন প্ৰচাৰ নীতি ২০২৫ত মন্ত্রীসভাই অনুমোদন জনাইছে। সেই...

May 20, 2025 9:18 PM

views 20

এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে সহযোগিতাপূর্ণ, জনসাধাৰণকেন্দ্ৰীক আৰক্ষী বাহিনীৰ বিশেষ ভূমিকা আছেঃ মুখ্যমন্ত্ৰী

ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি শক্তিশালী কৰি তোলাৰ লগতে জৰুৰীকালিন সঁহাৰি ব্যৱস্থা অধিক সক্রিয় কৰি তোলাৰ কৌশল বিকাশৰ লক্ষ্যৰে আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে সহযোগিতাপূর্ণ, জনসাধাৰণকেন্দ্ৰীক আৰক্ষী বাহিনীৰ বিশেষ ভূমিকা আছে বুলি মন্তব্য কৰে। এই সন্মিলনত কৰা আলোচনাই অধিক সুৰক্ষিত আৰু নিৰাপদ অসম গঢ়াৰ ক্ষেত্ৰত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখ...

May 20, 2025 7:00 PM

views 16

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন

ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি শক্তিশালী কৰি তোলাৰ লগতে জৰুৰীকালিন সঁহাৰি ব্যৱস্থা অধিক সক্ৰিয় কৰি তোলাৰ কৌশল বিকাশৰ লক্ষ্যৰে আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে সহযোগিতাপূর্ণ, জনসাধাৰণকেন্দ্ৰীক আৰক্ষী বাহিনীৰ বিশেষ ভূমিকা আছে বুলি মন্তব্য কৰে। এই সন্মিলনত কৰা আলোচনাই অধিক সুৰক্ষিত আৰু নিৰাপদ অসম গঢ়াৰ ক্ষেত্ৰত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখ...

May 19, 2025 7:44 PM

views 8

বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত কৰ সংগ্ৰহৰ বিভিন্ন বিষয় সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পর্যালোচনা বৈঠকত অধ্যক্ষতা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰ ভৱনত বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত কৰ সংগ্ৰহৰ বিভিন্ন বিষয় সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যত সমন্বিত বস্তু আৰু সেৱা কৰ, আই জি এছ টি সংগ্ৰহৰ বৰ্তমান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ আই জি এছ টি সংগ্রহ বৃদ্ধি কৰিবলৈ প্ৰয়োজনীয় আৰু সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নির্দেশ দিয়ে। তেওঁ লগতে কৰ সংগ্ৰহৰ ক্ষেত্ৰত থকা সমস্যাসমূহ বিচাৰি উলিয়াই ৰাজহ সংগ্ৰহৰ সমগ্ৰ ব্যৱস্থাটো সুচল কৰি তোলাটো নিশ্চিত কৰ...