June 12, 2025 11:08 AM June 12, 2025 11:08 AM

views 11

সত্ৰসমূহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এখন স্থায়ী আয়োগ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা

● ৰাজ্যৰ সত্ৰসমূহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ন্যায়ালয়ৰ সমান ক্ষমতাসম্পন্ন এখন স্থায়ী আয়োগ গঠনৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন কৰি এই কথা উল্লেখ কৰে। তেওঁ কয়, যে অহা অক্টোবৰত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত ইয়াৰ অনুমোদন লোৱা হ'ব। পৰিদর্শনকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সত্ৰৰ পুৰণি নামঘৰ আৰু মণিকূট নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সংকল্পবদ্ধ বুলি সংবাদমা...

June 11, 2025 9:16 PM June 11, 2025 9:16 PM

views 17

দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সত্ৰৰ পুৰণি নামঘৰ আৰু মণিকূট নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰ দৰ্শন কৰি সেৱা আগবঢ়োৱাৰ পাছত সত্ৰ পৰিচালনা সমিতিৰ শিল্পীসকলে পৰিৱেশন কৰা সত্ৰীয়া কৃষ্টি-সংস্কৃতি উপভোগ কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সংকল্পবদ্ধ বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ কয়, যে সত্ৰসমূহৰ পৱিত্ৰতা ৰক্ষাৰ বাবে চৰকাৰে নির্...

June 10, 2025 6:41 PM June 10, 2025 6:41 PM

views 20

লোকসেৱা ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পর্যালোচনা বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত এই নিযুক্তি প্ৰক্ৰিয়াৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়। ড০ শৰ্মাই হ'বলগীয়া দক্ষতা পৰীক্ষাসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে তেওঁ আজি বৰাক উপত্যকাৰ মন্ত্ৰী, বিধায়ক আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে অঞ্চলটোৰ উন্নয়নৰ সৈতে জড়িত এখন গুৰুত্বপূৰ্ণ বৈঠকত অধ্যক্ষতা কৰে। মুখ্যমন্ত্রী ড০ শৰ্মাই বৰাকৰ তিনিওখন ...

June 3, 2025 7:25 PM June 3, 2025 7:25 PM

views 19

বৰাক উপত্যকাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰি বানপীড়িত জনসাধাৰণৰ বিভিন্ন সমস্যাৰ বুজ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰি বানপীড়িত জনসাধাৰণৰ বিভিন্ন সমস্যাৰ বুজ লয়। মুখ্যমন্ত্রীয়ে জিলাখনৰ বানৰ কৱলত পৰা কেইবাটাও এলেকা পৰিদৰ্শন কৰাৰ উপৰি চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, নর্মাল স্কুল, কেন্দ্রীয় বিদ্যালয়, কচমিক মার্কেট মালিনী বিল, উকিল বজাৰ নিম্ন প্ৰাথমিক বিদ্যালয় আৰু হিৰণপ্রভা দেৱ শিশু মন্দিৰত আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। তেওঁ বানপীড়িত লোকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে আৰু জিলা আয়ুক্তক ...

June 3, 2025 7:04 PM June 3, 2025 7:04 PM

views 18

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপত অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ লয়। আজি আগবেলা প্রধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সৈতে হোৱা টেলিফোন বাৰ্তালাপত বানত ক্ষতিগ্ৰস্তসকলৰ সাহায্য আৰু পুনৰসংস্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাই অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতি আৰু ৰাজ্যখনৰ বিভিন্ন অঞ্চলত পৰা ইয়াৰ প্ৰভাব সন্দৰ্ভত প্রধানমন্ত্ৰীক অৱগত কৰে। ...

June 2, 2025 9:18 PM June 2, 2025 9:18 PM

views 12

অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত আলোচনা

অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে আজি বিয়লি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকৰ বিষয়ে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি উচ্চতম ন্যায়ালয়ে নিয়োগ কৰা কেন্দ্রীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে দুয়োখন ৰাজ্যৰ পাহাৰ খনন সম্পৰ্কত দুয়োখন ৰাজ্য চৰকাৰকে দিয়া জাননী সম্পৰ্কতো আজিৰ বৈঠকত আলোচনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্য...

June 2, 2025 7:43 PM June 2, 2025 7:43 PM

views 12

গুৱাহাটীৰ গড়ল তালুকবাসী ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠা মা দুর্গা মন্দিৰৰ মণিকূট নিৰ্মাণৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ গড়ল তালুকবাসী ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠা মা দুর্গা মন্দিৰৰ মণিকূট নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্রীয়ে এই মণিকূট নিৰ্মাণৰ বাবে ২৫ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। ১৯২৭ চনত স্থাপন হোৱা গড়ল তালুক নামৰ অনুষ্ঠানটোৰ শতবৰ্ষ উদযাপনৰ পূৰ্বে এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হব বুলি ড০ শর্মাই আশা প্রকাশ কৰে। এই অনুষ্ঠানতে তেওঁ নুমলীগড় শোধনাগাৰ লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আজাৰা অঞ্চলৰ লোকসকলে জৰুৰীকালীন সময়ত ব্...

May 29, 2025 8:03 PM May 29, 2025 8:03 PM

views 15

সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানৰ সৈতে যোগাযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ ৰিপুণ বৰাক দীৰ্ঘ সময় জুৰি সোধা-পোছা

কংগ্ৰেছৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানৰ সৈতে যোগাযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আজি আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে কংগ্ৰেছ দলৰ নেতা ৰিপুণ বৰাক দীৰ্ঘ সময় জুৰি সোধা-পোছা কৰে। শ্ৰীবৰাই আৰক্ষীক সহযোগ কৰিছে আৰু পৰৱৰ্ত্তী সময়ত অধিক তথ্যৰ বাবে আৰক্ষীয়ে পুনৰ তেওঁক সোধা-পোছা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে শ্ৰীগগৈয়ে কালি এখন সংবাদমেলত প্ৰায় ১৪ বছৰ পূৰ্বে পাকিস্তান ভ্ৰমণৰ বিষয়ে উল্লেখ কৰিছিল। অৱশ্যে এই ভ্রমণ সম্পূর্ণ বৈধ আছিল বুলিও তেওঁ প্ৰকাশ কৰিছিল। ইয...

May 29, 2025 6:47 PM May 29, 2025 6:47 PM

views 24

ভিডিঅ’ কনফাৰেন্সিংযোগে ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে বৈঠক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ভিডিঅ' কনফাৰেন্সিংযোগে ৰাজ্যখনৰ জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত তৃতীয় পৰ্যায়ৰ অৰুণোদয়ৰ ফলপ্ৰসূ ৰূপায়ণ আৰু এই অভিযানৰ অগ্ৰগতি সম্পর্কে মুখ্যমন্ত্রীয়ে বিতংকৈ বুজ লয়। আলোচনা কালত এটি কলি দুটি পাত শীর্ষক নতুন আঁচনিখনৰ ৰূপায়ণৰ বিষয়েও স্থান লাভ কৰে। তদুপৰি বিভিন্ন জিলাত থকা চাহবাগিচাসমূহত স্থায়ী শ্রমিক আৰু অস্থায়ী শ্ৰমিকৰ পৰিসংখ্যা তথা চাহবাগিচাৰ কৰ্মচাৰীৰ সংখ্যা আৰু জিলা পৰ্যায়ত ৰূপায়ণ সমিতি গঠনকে ধৰি কেইবাটাও বিষয় মুখ্যমন্ত্রীয়ে আ...

May 29, 2025 6:26 PM May 29, 2025 6:26 PM

views 9

ৰাজ্য চৰকাৰৰ ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণৰ জৰিয়তে বৰ্তমানলৈকে ১০ লাখ ৫ হাজাৰ কন্যাক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান

ৰাজ্য চৰকাৰে কন্যা সন্তানৰ বিদ্যায়তনিক শিক্ষাৰ লগতে তেওঁলোকক আত্মৰক্ষাৰ ক্ষেত্ৰত শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণৰ জৰিয়তে বৰ্তমানলৈকে ১০ লাখ ৫ হাজাৰ কন্যাক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয়, যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত ২০২৪-২৫ বৰ্ষত ১৩ হাজাৰ ৩৬৭ খন বিদ্যালয়ক সামৰি লোৱা হৈছে। ইয়াৰ অধীনত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক কাৰাটে, জুডো আৰু টাইকোৱাণ্ডোৰ সমৰকলাৰ তিনিমহীয়া প্...