October 16, 2025 12:03 PM

views 54

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক ন্যায় ব্যৱস্থাত আস্থা ৰাখিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন আৰু সেয়েহে জনসাধাৰণক ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিবলৈ তেওঁ আহ্বান জনায়। নতুন দিল্লীত ছিংগাপুৰৰ উপ-উচ্চায়ুক্ত এলিছ চেঙৰ সৈতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আলোচনা কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বাক্সাত সৃষ্টি হোৱা পৰিস্থিতি অতি দুখজনক বুলিও কয়। জনতাৰ শিল্পী জুবিন গাৰ্গক লৈ জনসাধাৰণৰ আৱেগক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ নকৰিবল...