November 1, 2025 9:13 PM November 1, 2025 9:13 PM

views 17

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অভিযোগনামা অহা ১০ ডিচেম্বৰৰ ভিতৰত এছ আই টিয়ে দাখিল কৰিবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ১০ ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অভিযোগনামা এছ আই টিয়ে দাখিল কৰিব বুলি আজি মৰিগাঁৱত প্ৰকাশ কৰিছে। ইতিমধ্যে এছ আই টিয়ে তদন্তত বহু বিস্ফোৰক তথ্য লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে তদন্তৰ প্ৰতিবেদন প্রকাশ পোৱাৰ পাছত জুবিন গাৰ্গৰ সৈতে বহু বছৰ ধৰি হৈ থকা দুখ আৰু বেদনাভৰা কাহিনী ৰাইজে জানিব পাৰিব। শিল্পীগৰাকীক ন্যায় প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে এছ আই টিৰ সদস্য আৰু আৰক্ষীয়ে দিনে-নিশাই কাম কৰি থকা বুলিও তেওঁ কয...

October 1, 2025 9:12 PM October 1, 2025 9:12 PM

views 27

অসম চৰকাৰৰ উদ্যোগত যোৰহাটবাসী ৰাইজৰ সহযোগত যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ পাছৰ মাংগলিক অনুষ্ঠানৰ আয়োজন

যোৰহাটত ৰাজহুৱাকৈ অসম চৰকাৰৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত আজি যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ পাছৰ মাংগলিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে জুবিন গাৰ্গৰ চিতাভস্মত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰো ব্যৱস্থা কৰা হৈছে। যোৰহাটবাসী তথা শিল্পী জুবিন গাৰ্গৰ অগণন অনুৰাগীয়ে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, নাম-প্ৰসংগ, দিহানাম, গায়ন-বায়নেৰে শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত সোনকালে হোৱাৰ লগতে দোষীয়ে উপযুক্ত শাস্তি যাতে পায়, তাৰ উপযুক্ত ব্যৱস্থা গ্ৰহ...

September 20, 2025 9:27 PM September 20, 2025 9:27 PM

views 11

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান, মহানগৰ আৰক্ষী আয়ুক্ত আৰু বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক

আজি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান, মহানগৰ আৰক্ষী আয়ুক্ত আৰু গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ কৰ্তৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মুখ্যমন্ত্রী ড° শৰ্মাই কয়, যে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোৰ বিশদ অনুসন্ধানৰ বাবে তেওঁ ছিংগাপুৰৰ উচ্চায়ুক্ত চাইমন ৰঙৰ সৈতে কথা পাতিছে। উচ্চায়ুক্তগৰাকীয়ে এইক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে বুলি তেওঁ প্ৰকাশ কৰে। মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই আজি শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ সকলো দিশ তদাৰক কৰি আজ...