September 10, 2024 8:50 PM

views 30

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৰাজ্যিক মন্ত্ৰীসভাৰ সকলো সিদ্ধান্তৰ বিষয়ে ৰাজভৱনক অৱগত কৰাবলৈ ৰাজ্যপালৰ নিৰ্দেশ

পশ্চিমবংগৰ ৰাজ্যপাল ড০ চি ভি আনন্দ বসুৱে ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক সংবিধানৰ ১৬৭ (গ) অনুচ্ছেদ অনুযায়ী ৰাজ্যিক মন্ত্ৰীসভাৰ সকলো সিদ্ধান্তৰ বিষয়ে ৰাজভৱনক অৱগত কৰাবলৈ নিৰ্দেশ দিছে। ৰাজ্যপালৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা বিবৃতি অনুসৰি সংবিধানৰ ১৬৭ নম্বৰ অনুচ্ছেদ ব্যৱস্থা অনুসৰি ৰাজ্য পৰিক্ৰমা সংক্ৰান্তত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সকলো সিদ্ধান্ত আৰু বিধায়িনী প্ৰস্তাৱৰ বিষয়ে ৰাজ্যপালক অৱগত কৰোৱাটো মুখ্যমন্ত্ৰীৰ দায়িত্ব।