September 15, 2025 8:16 PM

views 18

বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া নুপূৰ বৰাৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগ

বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ সুৰজিত ডেকা নামৰ এজন লাট মণ্ডলৰ দঙৰকুছিৰ বাসগৃহত গুৱাহাটীৰ পৰা যোৱা মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দলে আজি তালাচী চলায়। অভিযানকাৰী দলটোৱে ডেকাক লগত লৈ বৰপেটা ৰাজহ চক্ৰ বিষয়াৰূপে এসময়ত কাৰ্যনিৰ্বাহ কৰা কামৰূপৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া নুপূৰ বৰাৰ ভাৰাঘৰতো অভিযান চলায়। বৰপেটা নগৰৰ শ্ৰীকামাৰ পথত থকা ভাৰাঘৰটোত চলোৱা অভিযানত প্ৰায় চাৰে ১০ লাখ টকা আৰু নথিপত্ৰ উদ্ধাৰ কৰে বুলি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযানকাৰী দলৰ বিষয়াই প্ৰকাশ কৰে। উল্লেখযোগ্য যে বৰপেটাৰ ৰাজহ চক্...