September 17, 2024 6:25 PM

views 23

ধুবুৰীৰ হামিদাবাদ মহাবিদ্যালয়ৰ অধ্যক্ষ চাহাদৎ আলীৰ অগ্রিম জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নাকচ

গুৱাহাটী উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ গোচৰত ধুবুৰীৰ হামিদাবাদ মহাবিদ্যালয়ৰ অধ্যক্ষ চাহাদৎ আলীৰ অগ্রিম জামিন নাকচ কৰিছে। মহাবিদ্যালয়খনত ধনৰ অনিয়ম সম্পৰ্কত অভিযোগ উত্থাপন হোৱাৰ পাছতেই তদাৰকী কোষে গোচৰ ৰুজু কৰিছিল। এই গোচৰত গ্ৰেপ্তাৰৰ আশংকাত অধ্যক্ষজনে অগ্রিম জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। কিন্তু এই সন্দৰ্ভত ন্যায়ালয়ত অনুষ্ঠিত শুনানি অসম চৰকাৰৰ অধিবক্তাই ২০০৯ চনৰ পৰা ২০১৯ চনলৈ মহাবিদ্যালয়খনত ধনৰ অপ-ব্যৱহাৰৰ তথ্য দাঙি ধৰে। এই তথ্যৰ পাছতে উচ্চ ন্যায়ালয়ে অধ্যক্ষজনৰ অগ...