November 30, 2025 11:17 AM November 30, 2025 11:17 AM

views 9

ৰাজ্যত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুর্নীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ

ৰাজ্যত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুর্নীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে ভিতৰত অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰণী শাখাই ৩০২ জনক, মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাই ৮৮ জনক আৰু আৰক্ষীয়ে ৪০ জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ কালি অন্তিম দিনা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা সদৰি কৰে। তেওঁ কয়, যে গ্ৰেপ্তাৰ হোৱা বিষয়া-কৰ্মচাৰীৰ বিচাৰ প্ৰক্ৰিয়া আদালতত চলি আছে যদিও এত...

August 29, 2025 1:39 PM August 29, 2025 1:39 PM

views 10

অতিৰিক্ত কৰ আয়ুক্ত ছাকিল ছাদুল্লাক বিশেষ ন্যায়াধীশৰ আদালতে দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ

● ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ সঞ্চালকালয়ৰ অতিৰিক্ত কৰ আয়ুক্ত ছাকিল ছাদুল্লাক বিশেষ ন্যায়াধীশৰ আদালতে দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আয়তকৈ অধিক সম্পত্তি অৰ্জনৰ গোচৰত যোৱা বুধবাৰে মুখ্যমন্ত্ৰী তদাৰকী কোষে অতিৰিক্ত কৰ আয়ুক্তগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। তদাৰকী কোষে কালি তেওঁক বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱাই অধিক সোধাপোছাৰ বাবে জিম্মাত বিচৰাত অভিযুক্ত ছাদুল্লাক দুদিনৰ বাবে তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷

October 16, 2024 6:46 PM October 16, 2024 6:46 PM

views 7

উৎকোচ লোৱাৰ অপৰাধত আবকাৰী বিভাগৰ অধীক্ষক কাৰ্যালয়ৰ এজন বিষয়াক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই আজি জনতা ভৱনৰ মূল প্ৰৱেশদ্বাৰৰ সমীপত উৎকোচ লোৱা অৱস্থাত আবকাৰী বিভাগৰ অধীক্ষক কাৰ্যালয়ৰ পাৰ্থ হাজৰিকা নামৰ এজন বিষয়াক গ্ৰেপ্তাৰ কৰিছে। হাজৰিকাই বাৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত এজন লোকৰ পৰা উৎকোচ দাবী কৰিছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত লোকজনে বিভাগত গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিতেই বিভাগে লোকজনৰ পৰা ২৪ হাজাৰ ৫০০ টকা উৎকোচ লওঁতেই হাজৰিকাক গ্ৰেপ্তাৰ কৰে ।