December 31, 2024 1:18 PM
12
কাছাৰ জিলাৰ ৪ খন গাঁৱক বাল্যবিবাহ মুক্ত গাঁও হিচাপে ঘোষণা মুখ্যমন্ত্ৰীৰ
কাছাৰ জিলাৰ ৪ খন গাঁৱক বাল্যবিবাহ মুক্ত গাঁও হিচাপে ঘোষণা কৰাৰ কথা মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে প্রকাশ কৰিছে। সেই অনুসৰি জিলাখনৰ পালংঘাট উন্নয়ন খণ্ডৰ ৰুকি চতুর্থ খণ্ড গাঁও, কালাইন উন্নয়ন খণ্ডৰ অধীনৰ ভৈৰৱপুৰ প্ৰথম খণ্ড গাঁও, তাপাং উন্নয়ন খণ্ডৰ অধীনৰ ৰছকান্দি গ্রাণ্ট প্ৰথম আৰু দ্বিতীয় খণ্ড গাঁও বাল্য বিবাহমুক্ত হিচাপে ঘোষণা কৰা হৈছে। বেটি বাচাও, বেটি পঢ়াও আঁচনিৰ অধীনত গাঁও কেইখনক বাল্যবিবাহ মুক্ত বুলি ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে ৰাজ্য চৰকাৰে শেহতী...