October 7, 2025 7:35 PM October 7, 2025 7:35 PM

views 16

ছটা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ গঠন কৰা মন্ত্ৰীগোটৰ চূড়ান্ত প্রতিবেদন ২৫ নৱেম্বৰত দাখিলৰ সম্ভাৱনা

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো দ্রুত গতিত নিষ্পত্তিৰ দিশে আগবাঢ়িছে আৰু ২৫ নৱেম্বৰত অসম চৰকাৰে গঠন কৰা মন্ত্রীগোটে এই সন্দর্ভত চূড়ান্ত প্রতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে জনজাতিকৰণৰ বিষয়টো কাৰ্যকৰী কৰাৰ পথ প্রশস্ত হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি তিনিচুকীয়াত প্রকাশ কৰে। মুখ্যমন্ত্রীয়ে কয় যে সম্প্রতি জনজাতি হিচাপে মর্যাদা লাভ কৰি থকা বড়ো, ৰাভা, মিচিং, সোণোৱাল-কছাৰী আদি লোকসকলৰ মৰ্যাদা লাঘৱ নোহোৱাকৈ বাকী জনগোষ্ঠীসমূহক জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে সকলো দিশ চালি-জাৰি চোৱা হৈছে। উজনি অসমৰ...