October 8, 2025 11:41 AM

views 40

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে ২৫ নৱেম্বৰত দাখিল কৰিব চূড়ান্ত প্ৰতিবেদন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি তিনিচুকীয়াত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো দ্রুত গতিত নিষ্পত্তিৰ দিশে আগবাঢ়িছে বুলি মন্তব্য কৰিছে। ড০ শৰ্মাই প্ৰকাশ কৰা মতে অহা ২৫ নৱেম্বৰত অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে এই সন্দৰ্ভত চূড়ান্ত প্রতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে জনজাতিকৰণৰ বিষয়টো কাৰ্যকৰী কৰাৰ পথ প্ৰশস্ত হ'ব। মুখ্যমন্ত্রীয়ে কয় যে সম্প্রতি জনজাতি হিচাপে মর্যাদা লাভ কৰি থকা বড়ো, ৰাভা, মিচিং, সোণোৱাল-কছাৰী আদি লোকসকলৰ মৰ্যাদা লাঘৱ নোহোৱাকৈ বাকী জনগোষ্ঠীসমূহক জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে স...