April 7, 2025 11:31 AM

views 13

খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহৰ স্বীকৃতি-সংৰক্ষণৰ দিশত মনোনিৱেশ কৰাটো সময়ৰ আহ্বানঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহৰ স্বীকৃতি তথা সংৰক্ষণৰ দিশত মনোনিৱেশ কৰাটো সময়ৰ আহ্বান বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি তামুলপুৰৰ পথালিকুছিত আয়োজিত সদৌ বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি কয়, যে সকলোৱে ধৰ্মীয় আৰু আধ্যাত্মিক ৰীতি-নীতি, বিশ্বাস, সংস্কৃতি আদিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বিষয়ে গুৰুত্বসহকাৰে চিন্তা কৰা উচিত। ধৰ্মীয় বিশ্বাস, পৰম্পৰা, আচাৰ-অনুষ্ঠান, গীত-নৃত্য আদি কেৱল জাতীয় বা জনগোষ্ঠীয় পৰিচয়ৰ প্ৰতীক নহয়, বৰ...