September 10, 2025 8:29 PM September 10, 2025 8:29 PM
8
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এছ আই টিৰ প্ৰতিবেদন দাখিল
সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানী সংযোগ বিষয়ক সমস্ত বিষয়সমূহ পৰীক্ষা কৰাৰ বাবে গঠন কৰা বিশেষ তদন্ত গোট এছ আই টিয়ে আজি সন্ধিয়া ৬ বজাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰতিবেদন দাখিল কৰে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ সঞ্চালকপ্রধান মুন্নাপ্রসাদ গুপ্তাই আজি দিছপুৰৰ সচিবালয়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ হাতত এই প্ৰতিবেদন দাখিল কৰে। ইয়াৰ আগতে, মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে এছ আই টিৰ প্ৰতিবেদন পৰীক্ষা কৰি চোৱাৰ পাছত এইক্ষেত...