February 12, 2025 8:04 PM February 12, 2025 8:04 PM
2
ছিংগাপুৰত উপ প্রধানমন্ত্রী গেন কিম য়ঙক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ
এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ভ্ৰমণৰ দ্বিতীয় দিনা দেশখনৰ উপ প্রধানমন্ত্রী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্রী গেন কিম য়ঙক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে উদ্ভাৱনমুখী অর্থনীতি, ছেমিকণ্ডাক্টৰ, দক্ষতা আৰু সেউজ শক্তিৰ সহযোগিতাৰ জৰিয়তে ভাৰত- এছিয়ান কৌশলগত অংশীদাৰিত্বত অসমৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে অসম আৰু ছিংগাপুৰৰ মাজত থকা সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত উপ প্রধানমন্ত্ৰীগৰাকীৰ দায়...