February 12, 2025 8:04 PM

views 11

ছিংগাপুৰত উপ প্রধানমন্ত্রী গেন কিম য়ঙক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ভ্ৰমণৰ দ্বিতীয় দিনা দেশখনৰ উপ প্রধানমন্ত্রী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্রী গেন কিম য়ঙক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে উদ্ভাৱনমুখী অর্থনীতি, ছেমিকণ্ডাক্টৰ, দক্ষতা আৰু সেউজ শক্তিৰ সহযোগিতাৰ জৰিয়তে ভাৰত- এছিয়ান কৌশলগত অংশীদাৰিত্বত অসমৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে অসম আৰু ছিংগাপুৰৰ মাজত থকা সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত উপ প্রধানমন্ত্ৰীগৰাকীৰ দায়...

February 11, 2025 6:48 PM

views 26

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থামান ছানমুগাৰত্নমক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ছিংগাপুৰ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থামান ছানমুগাৰত্নমক সাক্ষাৎ কৰে। ড০ শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ভাৰত-ছিংগাপুৰৰ কৌশলগত অংশীদাৰিত্বত অসমৰ ভূমিকা সন্দৰ্ভত আলোচনাত মিলিত হয়। তেওঁ লগতে দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰি ভাৰতৰ এক্ট-ইষ্ট নীতিৰ অধীনত অসম আৰু ছিংগাপুৰৰ মাজত থকা অংশীদাৰিত্ব সুদৃঢ় কৰাৰ বিষয়ত মত-বিনিময় কৰে। মুখ্যমন্ত্ৰী শৰ্মাই দে...

February 11, 2025 2:16 PM

views 17

Advantage Assam 2.0: ছিংগাপুৰত চুৰবানা জুৰঙ উদ্যোগৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ একৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ছিংগাপুৰ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দেশখনৰ চুৰবানা জুৰঙ উদ্যোগৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ একৰ সৈতে আলোচনাত মিলিত হয়। ড০ শর্মাই বিষয়াগৰাকীৰ সৈতে অনাগত দিনত অসমক নগৰ উন্নয়নৰ লক্ষ্যৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগিতামূলক প্রচেষ্টা সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতাসকলৰ সৈতে ফলপ্রসূ আলোচনাত মিলিত হয়। মুখ্যমন্ত্রীয়ে উদ্যোগপতিসকলক জাগীৰ...