August 30, 2025 8:29 PM
74
অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত ৯,৭০৪ গৰাকী মহিলাক স্কুটী প্ৰদান
অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত তৃণমূল পৰ্যায়ত কাম কৰা ৯ হাজাৰ ৭০৪ গৰাকী মহিলাক আজি স্কুটী প্ৰদান কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সমূহীয়া কেডাৰ হিচাপে কাম কৰা মহিলাসকলক স্কুটী বিতৰণ কৰাৰ লগতে ক্লাষ্টাৰ পৰ্যায়ৰ সংস্থালৈ ৫১ খন ব্যৱসায় বাহন প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী জীৱিকা সখীক অৰুণোদয় আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব বুলি ঘোষণ কৰে। তেওঁ কয়...