November 21, 2024 7:21 PM

views 19

অসম বিধানসভাৰ নতুন চৌহদত প্ৰাচীন অসমৰ কীৰ্তি দৰ্শাই নিৰ্মিত স্তম্ভ মুকলি

অসম বিধানসভাৰ নতুন চৌহদত প্ৰাচীন অসমৰ কীৰ্তি দৰ্শাই নিৰ্মাণ কৰা আকৰ্ষণীয় স্তম্ভ, কমাণ্ড এণ্ড কন্ট্রোল চেণ্টাৰ, ডিজিটেল কৰ্ডিৰ আৰু কেফেটৰীয়া আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রাচীন কছাৰী ৰাজ্যৰ সুন্দৰ কাৰুকাৰ্য খোদিত আৰু সমৃদ্ধ ইতিহাস বহন কৰা শিলৰ এই স্তম্ভৰ লগতে অন্যান্যসমূহ মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই স্তম্ভৰ লগতে অন্যান্য প্রযুক্তিগত সামগ্ৰীসমূহৰ উন্মোচনে অসম বিধানসভাৰ দক্ষতা আৰু মৰ্যাদা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে।...