October 16, 2025 12:37 PM

views 21

অহা ১৭ অক্টোবৰত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা

অহা ১৭ অক্টোবৰত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰিছে। অহা ২৫ অক্টোবৰৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক পদৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে স্বচ্ছ আৰু নিকা নিযুক্তিৰ ক্ষেত্ৰত গতি অব্যাহত ৰখাৰ অংশ হিচাপে চলিত মাহৰ ভিতৰতে ৩৫ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্রী শৰ্মাই উল্লেখ কৰিছে।...