September 2, 2024 6:04 PM
26
খানাপাৰাত ২৩,৯৫৬ গৰাকী শিক্ষকক মুখ্যমন্ত্ৰীৰ নিযুক্তি পত্ৰ প্ৰদান
ৰাজ্য চৰকাৰে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি এক লাখ নিযুক্তি অতিক্ৰম কৰিছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৩ হাজাৰ ৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰি তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে আজি নিযুক্তি দিয়া শিক্ষকসকলক ধৰি বৰ্তমান ৰাজ্য চৰকাৰে নিযুক্তি দিয়া পদৰ সংখ্যা এক লাখ ২৪ হাজাৰ ৩৪৫ হৈছে। অহা বছৰ আৰু ৫০ হাজাৰ নিযুক্তি প্ৰদানৰ বাবে চৰকাৰে লক্ষ্য লৈছে বুলি মুখ্যমন্ত্ৰীয়ে...