July 19, 2025 7:51 PM

views 15

অসম চৰকাৰৰ উচ্ছেদ অভিযানক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসম চৰকাৰে জনসাধাৰণৰ বিৰুদ্ধে যুঁজ দিয়া নাই, বৰঞ্চ সীমান্তৰ সিপাৰৰ পৰা অহা অনিয়ন্ত্ৰিত অনুপ্ৰৱেশকাৰীক প্রতিহত কৰাৰ চেষ্টা চলাইছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ সামাজিক মাধ্যমৰ এটা পোষ্ট সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে কয়। তেওঁ কয়, যে অনুপ্ৰৱেশৰ ফলত ইতিমধ্যে ৰাজ্যৰ জনগাঁথনি ভয়াৱহভাৱে সলনি হৈছে আৰু কেইবাখনো জিলাত হিন্দুসকল নিজ ভূমিতে সংখ্যালঘুত পৰিণত হোৱাৰ উপক্ৰম হৈছে। তেওঁ কয়, যে উচ্চতম ন্যায়ালয...