March 31, 2025 11:58 AM

views 14

বিশ্বনাথত বিভিন্ন অভিলাষী প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানৰ আয়োজন

বিশ্বনাথত আজি ৰাজ্য চৰকাৰৰ বহুমুখী বিকাশৰ অংশ স্বৰূপে বিভিন্ন অভিলাষী প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দুদিনীয়া ভ্রমণসূচীপে বিশ্বনাথত উপস্থিত হ'বলগীয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মন্ত্রী অশোক সিংহল, যোগেন মহন, অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ পল্লব লোচন দাস, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক প্রমোদ বৰঠাকুৰ, উৎপল বৰা আৰু দিগন্ত ঘাটোৱাৰেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্রী ড০ শৰ্মাই কাইলৈ বিশ্বনাথৰ বৰগাং নিউ কেটেলা খে...