December 22, 2025 12:00 PM

views 20

অসমক আহোম ৰাজত্বৰ সোণোৱালী দিনবোৰৰ দৰে শক্তিশালী কৰি তোলা হ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ নতুন যুগৰ সুচনা হৈছে আৰু অসমৰ উন্নয়নৰ যাত্ৰাৰ এয়া আৰম্ভণিহে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নামৰূপ সাৰ কাৰখানাত কালি নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ অসমক আহোম ৰাজত্বৰ সোণোৱালী দিনবোৰৰ দৰে শক্তিশালী কৰি তোলা হ'ব বুলি উল্লেখ কৰে। নামৰূপৰ নতুন এমনিয়া ইউৰিয়া প্ৰকল্পৰ বাবে কৃষক ৰাইজক অভিনন্দন জনাই প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত অন্নদাতাস...