March 13, 2025 8:37 PM

views 14

প্রধানমন্ত্ৰী আৱাস যোজনাৰ ৩.৮০ লাখ হিতাধিকাৰীক গৃহ নিৰ্মাণৰ বাবে ১৯ মাৰ্চত প্ৰথমটো কিস্তিৰ ধন

ৰাজ্য চৰকাৰে অহা ১৯ মাৰ্চত প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ লাখ ৮০ হাজাৰ হিতাধিকাৰীলৈ গৃহ নিৰ্মাণৰ বাবে প্ৰথমটো কিস্তিৰ ধন বেংকযোগে হস্তান্তৰ কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি এখন সংবাদমেলত এই কথা প্রকাশ কৰি কয়, যে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে তেওঁৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত চলিত বৰ্ষত ৰাজ্যখনত ৩ লাখ ৬০ হাজাৰ নতুন আৱাসৰ বাবে মঞ্জুৰি দিয়াৰ কথা ঘোষণা কৰিছিল। এই আঁচনিৰ বাবে পূৰ্বে নিৰ্ধাৰিত অপেক্ষাৰত হিতাধিকাৰীৰ তালিকাত ৭ লাখ ৬০ হাজাৰ লোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে ...