October 4, 2024 7:33 PM

views 32

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বে-দখলকাৰীৰ কবলত পৰা প্ৰায় ২২ হাজাৰ বিঘা ভূমি উচ্ছেদ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বে-দখলকাৰীৰ কবলত পৰা প্ৰায় ২২ হাজাৰ বিঘা ভূমি উচ্ছেদ কৰিছে বুলি সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা বুলি প্ৰকাশ কৰাৰ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান এতিয়া কাজিৰঙা আৰু বুঢ়া চাপৰিৰ সৈতে পোনপটীয়াকৈ সংযোগ হৈ পৰা বুলিও উল্লেখ কৰিছে।