July 22, 2025 7:47 PM July 22, 2025 7:47 PM

views 5

ৰাজ্যৰ বিভিন্ন স্থানত উচ্ছেদ অব্যাহত থাকিব : মুখ্যমন্ত্রী

ৰাজ্যৰ বিভিন্ন স্থানত উচ্ছেদ অব্যাহত থাকিব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে ভূমি দখলমুক্ত কৰা হ'ব। ৰাজ্যত প্ৰায় ২৯ লাখ বিঘা ভূমি বেদখলৰ কবলত পৰিছে বুলি তেওঁ মন্তব্য কৰে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাতো সন্দেহজনক লোকে ভূমি দখল কৰি থকাৰ তথ্যও লাভ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। তিনিচুকীয়া জিলাৰ শদিয়াৰ চপাখোৱাৰ বুঢ়া-বুঢ়ী শালৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ৯ কোটি টকা ব্যয়সাপেক্ষে প্ৰকল্প ৰূপায়ণ কৰা হ'ব...