July 29, 2025 10:38 PM

views 21

নতুন দিল্লীত কেন্দ্রীয় মন্ত্ৰী মনোহৰ লালক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্রীয় শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালক সাক্ষাৎ কৰে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শক্তি খণ্ডৰ উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে আজি বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্র শ্বাহ নৱাজ হুছেইনকো সাক্ষাৎ কৰে। ড০ শৰ্মাই আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে চি আৰ পি এফৰ সঞ্চালক প্রধান জি পি সিঙকো সৌজন্যমূলক সাক্ষাৎ কৰে।