July 7, 2025 12:17 PM July 7, 2025 12:17 PM

views 4

গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ নতুন এলিভেটেড ক’ৰিডৰ নিৰ্মাণ কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নতুন আৰ্হিৰে নিৰ্মিত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ অহা নৱেম্বৰ মাহত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰে। উল্লেখযোগ্য যে নতুন বিমান বন্দৰ কপৌ ফুলৰ আৰ্হিৰে নিৰ্মাণ কৰি থকা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে গুৱাহাটী বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এটা নতুন এলিভেটেড ক'ৰিডৰ নিৰ্মাণ কৰা হ'ব।