August 8, 2025 8:21 PM August 8, 2025 8:21 PM
20
বি টি চি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৩খন বিজয় সংকল্প সভাত অংশগ্ৰহণ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বি টি চি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত বিজেপিৰ সাংগঠনিক ভেটি সবল কৰাৰ উদ্দেশ্য আজি ওদালগুৰিৰ খৈৰাবাৰী, ভেৰগাঁও আৰু নোনাই ছেৰফাং পৰিষদীয় সমষ্টিত তিনিখনকৈ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে অহা ২১ আগষ্টত বি টি চি নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা কৰা হ’ব বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে দুৰ্গা পূজাৰ পূৰ্বে বিটিচিত নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। ড০ শৰ্মাই তেওঁৰ চৰকাৰে অহা ৫ বছৰত বিটিআৰত সকলোকে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে গ...