January 14, 2026 9:24 PM

views 16

৫ ফেব্ৰুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধন বিতৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

৫ ফেব্ৰুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধন বিতৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ডিফুত ২৫ হাজাৰ মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ আত্মসহায়ক গোটৰ মুঠ ৩২ লাখ মহিলাই আঁচনিখনৰ ধন লাভ কৰিব। তেওঁ কয় যে প্ৰাৰম্ভিক ধনৰাশি সঠিকভাৱে ব্যৱহাৰ কৰা মহিলা সকলে পৰৱৰ্তী পৰ্যায়ত ক্ৰমে ২৫ আৰু ৫০ হাজাৰ টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে পশ্চিম কাৰ্বি আংলঙৰ ব...

December 23, 2025 10:02 PM

views 19

লাহোৱালত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত উদ্যমী মহিলাসকলক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। চাবুৱা সমষ্টিৰ দিনজয় চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হোৱা এখন সভাত সমষ্টিটোৰ ২১ হাজাৰ ১৯৮ গৰাকী মহিলাক আঁচনিখনৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী প্রশান্ত ফুকন, যোগেন মহন, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক বিনোদ হাজৰিকা আৰু পোনাকণ বৰুৱাও ...

November 19, 2025 6:36 PM

views 28

টিহু বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩৩,৪৩১ গৰাকী সদস্যক মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ চামতা আঞ্চলিক ক্রীড়া সংঘৰ খেল পথাৰত আয়োজিত এখন জনসভাত টিহু বিধানসভা সমষ্টিৰ ৩৩ হাজাৰ ৪৩১ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে। সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড০ শর্মাই কয়, যে ৰাজ্যৰ ৩০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়াৰ লক্ষ্যৰে চৰকাৰে এই অভিযান আৰম্ভ কৰিছে। ৰাজ্যত মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৪ লাখ আত্মসহায়ক গোটৰ মহিলালৈ ধন আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে অসম চৰকাৰে মহিল...