October 29, 2025 11:27 AM

views 41

কলিয়াবৰত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ ৩২ হাজাৰ ৪৮২ গৰাকী হিতাধিকাৰীক উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কলিয়াবৰ সমষ্টিত প্ৰায় ৪ হাজাৰ আত্মসহায়ক গোট গঠন কৰা হৈছে আৰু এনে আত্মসহায়ক গোটসমূহক শক্তিশালী কৰিবলৈ ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আত্মসহায়ক গোটসমূহৰ মহিলাসকলে বিগত ১২-১৩ বছৰে বেংকৰ পৰা প্ৰায় ১২ হাজাৰ কোটি টকাৰ ঋণ লৈছে আৰু এই ঋণৰ ধন ...