April 8, 2025 12:14 PM April 8, 2025 12:14 PM
8
ৰাজ্যত ৰূপায়িত আন্তঃগাঁথনি প্রকল্পসমূহৰ শেহতীয়া স্থিতি সম্পর্কত ড° কৃষণ কুমাৰৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা
ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা ৰাজ্যখনত ৰূপায়িত আন্তঃগাঁথনি প্রকল্পসমূহৰ শেহতীয়া স্থিতি সম্পর্কে কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংস্থাটোৰ পৰিচালন সঞ্চালক ড° কৃষণ কুমাৰৰ সৈতে আলোচনা কৰে। সংস্থাটোৰ অধীনত ২৫ হাজাৰ কোটি টকাৰ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ঘাইপথ প্রকল্প, নুমলীগড়-গহপুৰ সংযোগী সুৰংগ পথ আৰু বাইহাটা চাৰিআলি-তেজপুৰ আৰু গহপুৰ-কুলাজান ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ সম্প্ৰসাৰণ প্ৰকল্প ৰূপায়ণ কৰা হৈছে। নতুন দিল্লীত কালি মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় সাৰ দপ্তৰৰ স...