July 17, 2025 1:03 PM

views 12

জনসাধাৰণৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ ‘কিতাপ পঢ়া বৰ্ষ’ পদক্ষেপৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যৰ জনসাধাৰণৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কিতাপ পঢ়া বৰ্ষ পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দিছপুৰৰ লোকসেৱা ভৱনত শিক্ষা, বিত্ত আৰু অসম প্ৰকাশন পৰিষদৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপৰ বুজ লয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে চলিত বৰ্ষক কিতাপ পঢ়া বর্ষ হিচাপে উদযাপন কৰিছে আৰু ইয়াৰ অধীনত গ্ৰন্থমেলাৰ আয়োজন আৰু চৰকাৰী কৰ্মচাৰীক গ্ৰন্থ ক্ৰয় কৰিবলৈ উৎসাহিত কৰাৰ বাবে এহেজাৰগৰাকী যুৱ লেখকক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে...