December 24, 2024 8:24 PM

views 23

ৰাজ্যত চলিত বছৰত পথ দুর্ঘটনা ৭২.৫৬ শতাংশ বৃদ্ধিঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

চলিত বছৰত ৰাজ্যত পথ দুর্ঘটনা ৭২ দশমিক ৫-৬ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে দুৰ্ঘটনাত মৃত্যুৰ হাৰ যোৱা বছৰৰ তুলনাত এই বছৰ ১৪ দশমিক ২-৮ শতাংশ হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী, পথ পৰিবহণকে ধৰি কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে হোৱা বৈঠকৰ পাছত এই বিষয়ে প্ৰকাশ কৰি কয়, যে অসম হৈছে পথ দুৰ্ঘটনাত মৃত্যু হ্ৰাস হোৱা দেশৰ একমাত্ৰ ৰাজ্য। যোৱাবছৰ ৰাজ্যখনত ৬ হেজাৰ ৬৯৮টা দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে এইবাৰ ৰাজ্যখনত সংঘটিত দুৰ্ঘটনাৰ সংখ্যা ১১ হাজাৰ ৫৫৮ লৈ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰীয়ে...