December 22, 2025 12:13 PM

views 12

লোকসেৱা ভৱনৰ সভাকক্ষত উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগ সমিতিৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনৰ সভাকক্ষত উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগ সমিতিৰ এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত বিনিয়োগৰ কেইবাটাও প্ৰস্তাৱৰ পৰ্যালোচনা কৰা হয়। ড০ শৰ্মাই লগতে বিনিয়োগকাৰীসকলৰ প্ৰস্তাৱসমূহ যাতে খৰতকীয়াকৈ বাস্তবায়িত হোৱাৰ দিশত আগবাঢ়ে তাৰ বাবে বিনিয়োগকাৰীসকলৰ সমস্যা আৰু প্ৰস্তাৱৰ বুজ লয়। মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে।