November 22, 2024 12:22 PM November 22, 2024 12:22 PM

views 6

চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক প্ৰাপ্য সাহায্য ক্ষিপ্ৰতাৰে আদায় দিবলৈ সকলো জিলাৰ আয়ুক্তক মুখ্যমন্ত্ৰীৰ নির্দেশ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক তেওঁলোকৰ প্ৰাপ্য সাহায্য ক্ষিপ্ৰতাৰে আদায় দিবলৈ ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তসকলক নির্দেশ দিছে। মহিলা উদ্যমশীলতা অভিযান সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে কালি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হিতাধিকাৰীসকলক আর্থিক সাহায্য আগবঢ়োৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলাৰ আয়ুক্তসকলক আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে এই অভিযানৰ কাম-কাজ সন্দৰ্ভত আয়ুক্তসকলৰ পৰা বুজ লোৱাৰ লগতে হিতাধিক...