October 18, 2025 9:03 PM

views 19

সুধাকণ্ঠৰ মৃত্যুবার্ষিকী পালনৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকী অহা ৫ নৱেম্বৰত ৰাজ্যজুৰি পালনৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে বৈঠকত মিলিত হয়। বৈঠকত সকলো জিলাতে এই অনুষ্ঠান সমন্বিতভাৱে আৰু মৰ্যাদা সহকাৰে পালন কৰা সন্দৰ্ভত আলোচনা কৰা হয়। সেইদিনা বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ কালজয়ী গীত মানুহে মানুহৰ বাবে হাজাৰ হাজাৰ লোকে একত্ৰিত হৈ পৰিবেশন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।