June 14, 2025 11:58 AM

views 29

বিহু আৰু ঝুমইৰ দৰে বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ

বিহু আৰু ঝুমইৰ দৰে বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ বাবে অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত সাংস্কৃতিক পৰিক্ৰমা বিভাগ, বড়ো সাহিত্য সভা, সদৌ বড়ো ছাত্ৰ সন্থা, দুলাৰায় বড়ো হৰিমুৰা আফাত আৰু দুলাৰায় বাথৌ গৌথুমৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত বিশেষজ্ঞ সমিতি, মুখ্য প্রশিক্ষক, নৃত্য দল বাছনি, সমষ্টিভিত্তিক কৰ্মশালা আৰু গুৱাহাটীত হ'বলগীয়া চূড়ান্ত অনুশীলনকে ধৰি সকলোবোৰ বিষয় বিতংভাৱে আলোচনা ...