January 2, 2026 12:27 PM

views 12

বিশিষ্ট সাংবাদিকসকলৰ সৈতে ‘নতুন দিনৰ আলাপ’ শীর্ষক সংবাদমেলত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

 মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিগত পাঁচ বছৰত অসম এখন আন্দোলন আৰু সন্ত্ৰাসজৰ্জৰ ৰাজ্যৰ পৰা দেশৰ দ্রুত বিকশিত ৰাজ্যত পৰিণত হোৱা বুলি মন্তব্য কৰিছে। প্ৰতিবছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকসকলৰ সৈতে 'নতুন দিনৰ আলাপ' শীর্ষক সংবাদমেলত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে। তেওঁ কয়, যে ২০২০ৰ পৰা ২০২৫ চনলৈ অসমৰ বিকাশৰ হাৰ ৪৫ শতাংশলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত জনমূৰি আয় ৫৪ শতাংশ বৃদ্ধি পোৱাৰ লগতে বিগত সময়ছোৱাত ৰাজহো ৫৩ শতাংশ হাৰত বৃদ্ধি পাইছে বুলি মুখ্যমন্ত...

December 18, 2025 7:32 PM

views 10

প্ৰধানমন্ত্ৰীৰ অসম ভৱন সন্দৰ্ভত বাজপেয়ী ভৱনত এখন প্রস্তুতি সভা অনুষ্ঠিত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্রমণ সন্দৰ্ভত আজি বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভবনত এখন প্রস্তুতি সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি অন্যান্য মন্ত্রী, বিধায়ক তথা দলীয় কর্মকর্তাসকল উপস্থিত থাকে। সভাত প্রধানমন্ত্রী মোদীৰ দুদিনীয়া ভ্রমণসূচীৰ সকলো কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে সকলো দিশ সামৰি আলোচনা কৰা হয়। উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ গুৱাহাটীত লোকপ্রিয় গোপীনাথ ব...

December 16, 2025 7:06 PM

views 35

মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত লামডিং আৰু বৰপেটাত ১০ হাজাৰ টকাৰ চেক বিতৰণ

মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লামডিং সমষ্টিৰ মুঠ ২৭ হাজাৰ ৩১০গৰাকী হিতাধিকাৰীক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰে। হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত অনুষ্ঠিত জনসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যৰ ৩৫ লাখ মহিলাক উদ্যমিতা আঁচনিৰ অধীনত প্রথম কিস্তিৰ ১০ হাজাৰকৈ টকাৰ চেক বিতৰণৰ বাবে চৰকাৰে লক্ষ্য নির্ধাৰণ কৰিছে। তেওঁ চৰকাৰে দিয়া এই ধনৰ সদ্ব্যৱহাৰ কৰিবলৈ মহিলাসকলক আহ্বান জনায়। ড° শর্মাই কয়, যে যিসকল মহিলাই এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন স্বাবল...

December 11, 2025 12:34 PM

views 12

ডিব্ৰুগড়ত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আজি ডিব্ৰুগড়ৰ ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কৰিছে। এই আঁচনিৰ দ্বাৰা ৩ লাখ ১০ হাজাৰৰো অধিক শিক্ষার্থী লাভান্বিত হ'ব। অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ লগতে কেইবাগৰাকীও মন্ত্রী, বিধায়ক উপস্থিত থাকে।

October 14, 2025 7:15 PM

views 30

গৃহৰক্ষী আৰু নাগৰিক সুৰক্ষা শক্তিশালীকৰণৰ উদ্দেশ্যে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত গৃহৰক্ষী আৰু নাগৰিক সুৰক্ষা শক্তিশালীকৰণৰ উদ্দেশ্যে এখন বৈঠকত অংশ লয়। ৰাজ্য চৰকাৰে এই বৈঠকৰ জৰিয়তে লাচিত বৰফুকন আৰক্ষী একাডেমীত ৫ হাজাৰ নতুন নিযুক্তক প্রশিক্ষণ প্ৰদান কৰি গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা ব্যবস্থা শক্তিশালী কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড০ শর্মাই শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, অশোক সিংহলকে ধৰি অন্যান্য বিষয়াসকলৰ উপস্থিতিত লোকসেৱা ভৱনত আন এখন বৈঠকত অংশ লয়। এই বৈঠকত শিক্ষা বিভাগ সম্বন্ধীয় বিষয় পর্যালোচনা কৰা হয়। বৈঠকত ২০২...

October 13, 2025 1:19 PM

views 33

ৰাজ্য চৰকাৰ আৰু মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ মাজত গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত

ৰাজ্য চৰকাৰ আৰু মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ মাজত কালি দিছপুৰত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী পীযুষ হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত সদৌ অসম মটক সম্মিলন, সদৌ অসম মটক যুৱ ছাত্র সম্মিলন, সদৌ অসম মহিলা মটক পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্রসন্থাৰ প্রতিনিধিসকলে অংশগ্রহণ কৰে। বৈঠকত জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীকে ধৰি বহু কেইটা গুৰুত্বপূর্ণ বিষয় আলোচনা কৰা হয়। মটকসকলৰ জনজাতিকৰণৰ দাবীক লৈ চৰকাৰ ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছে বুলি ম...

September 8, 2025 12:43 PM

views 27

প্রধানমন্ত্ৰী অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ড° হিমন্ত বিশ্ব শর্মা পৰ্যালোচনা বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ১৩ ছেপ্তেম্বৰত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কালি এখন বৈঠকত এই ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। প্ৰদানমন্ত্রীয়ে নুমলীগড়ত উদ্বোধন কৰিবলগীয়া চাৰি হাজাৰ কোটি টকা ব্যয় সাপেক্ষ দেশৰ প্ৰথমটো জৈৱ শোধনাগাৰ, মঙলদৈৰ পৰা আধাৰশিলা স্থাপন কৰিবলগীয়া গুৱাহাটীৰ ৰিং ৰোড আৰু নাৰেংগী-কুৰুৱা দলং তথা ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰে। তেওঁ আটাইকেইটা অনুষ্ঠান সফল কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগৰস...

September 8, 2025 12:28 PM

views 33

লোকসেৱা ভৱনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সৈতে এখন বৈঠকত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে। ড° শৰ্মাই লগতে সদৌ অসম চাহ জনজাতি ছাত্র সন্থা আৰু চাহ জনজাতি মহিলা সমিতিৰ সৈতে জনগোষ্ঠীটোৰ কল্যাণ সন্দৰ্ভত বিভিন্ন বিষয়ত আলোচনা কৰে। এই বৈঠকতে সদ্যঘোষিত এম বি বি এছৰ ৩০ খন সংৰক্ষিত আসন লাভৰ বাবে চাহ জনগোষ্ঠীয় লোকসকলক প্ৰতিখন জিলাতে বিশেষ প্ৰমাণপত্ৰ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে তিনিজনীয়া সদস্যৰ উপদেষ্টা সমিতি গঠন কৰাৰ সিদ্ধান্ত লয়। বৈঠকত চাহ জনজা...

August 30, 2025 10:19 PM

views 18

দিছপুৰৰ লোকসেৱা ভৱনত জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে এখন বৈঠকত মিলিত হয়। বৈঠকত ১৭ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ উদযাপন কৰিবলগীয়া সেৱা সপ্তাহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। সেৱা সপ্তাহৰ সময়ছোৱাত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হ'ব আৰু বিধানসভা ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ প্ৰথম পৰ্যায়ৰ আয়োজন কৰা হ'ব। এই সময়ছোৱাত গ্রন্থ বৰ্ষ উপলক্ষে প্রায় এহেজাৰগৰাকী লেখকক ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি ...

August 13, 2025 1:00 PM

views 37

অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু অংশীদাৰীসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু অংশীদাৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত অসমত চলি থকা পাম্প ষ্ট’ৰেজ শক্তি প্রকল্পসমূহৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। আনহাতে মুখ্যমন্ত্ৰী ড° শৰ্মাই ক’ছমিক বিৰলা গ্ৰুপৰ মুখ্য পৰিচালন সঞ্চালক আদিত্য বিক্ৰম বিৰলাৰ সৈতেও কালি এখন বৈঠকত মিলিত হয়। এই বৈঠকত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ৷