February 6, 2025 7:16 PM

views 21

এডভান্টেজ আচাম শীর্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক

ৰাজ্যখনৰ বিনিয়োগ আন্তঃগাথনি শক্তিশালী কৰাৰ লক্ষ্যৰে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আচাম শীর্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি বুজ লোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিশপুৰত এখন বৈঠক অনুষ্ঠিত হয়। সন্মিলনৰ অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হ'বলগীয়া ঝুমুইৰ বিনন্দিনী শীৰ্ষক ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠানটিৰ প্ৰস্তুতিও আজিৰ বৈঠকত পর্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে এই দুয়োটা অনুষ্ঠান সুকলমে সম্পন্ন কৰাৰ বাবে সকলো দিশ চালি জাৰ...

December 1, 2024 12:54 PM

views 21

অসমৰ বান সমস্যা আৰু মিছন ফ্লাড ফ্ৰী গুৱাহাটী সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

অসমৰ বান সমস্যা আৰু মিছন ফ্লাড ফ্ৰী গুৱাহাটীৰ উদ্দেশ্যেৰে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীত গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লয়। মুখ্যমন্ত্রী ড০ শৰ্মাই আই আই টি গুৱাহাটীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰি অনুষ্ঠানত ভাগ লোৱা বিজ্ঞানীসকলৰ পৰা অসমৰ বান নিয়ন্ত্ৰণৰ উপায় উদ্ভাৱনৰ বাবে পৰামৰ্শ বিচাৰে। ইফালে মন্ত্রী শ্রীসিংঘালে কালি দিছপুৰত মুখ্য সচিব ৰবি কোটা আৰু বিভাগীয় বিষয়াৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। বাৰিষাৰ পূৰ...

September 26, 2024 10:47 AM

views 43

অসম চুক্তিৰ ৬ নম্বৰ দফা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ প্রতিনিধিৰে মুখ্যমন্ত্ৰীৰ আলোচনা

অসম চুক্তিৰ ৬ নম্বৰ দফা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে দিয়া পৰামৰ্শৱলী ৰাজ্য চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে আৰু তাৰে ৰাজ্য চৰকাৰৰ অধীনত থকা ৪০টা পৰামৰ্শ ৰূপায়ণৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্রতিনিধি দলৰ মাজত হোৱা আলোচনাত এই মন্তব্য কৰে। লগতে প্রতিবেদনখনৰ আন ১২টা পৰামৰ্শ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ প্রচেষ্টাৰে ৰূপায়ণ কৰা হ'ব তথা বাকী থকা ১৫টা সম্প...

July 15, 2024 7:59 PM

views 19

ৰাজ্যত দৰিদ্ৰতা ৩৬ শতাংশৰ পৰা ১৯ শতাংশলৈ হ্ৰাস পাইছে : মুখ্যমন্ত্ৰী

ৰাজ্যত দৰিদ্ৰতা ৩৬ শতাংশৰ পৰা ১৯ শতাংশলৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত প্ৰকাশ কৰে। দিছপুৰত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিভিন্ন হিতাধিকাৰীৰ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ সমৰ্থ হৈছে। নিটি আয়োগে কালি প্ৰকাশ কৰা বহনক্ষম উন্নয়নৰ লক্ষ্য সম্বন্ধীয় সূচক বৃদ্ধি পোৱা প্ৰসংগতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। নিটি আয়োগৰ বহনক্ষম উন্নয়নৰ লক্ষ্য সম্বন্ধীয় সূচকত অসমৰ স্কৰ ৭১ লৈ বৃদ্ধি পোৱাটো ইতিবাচক দিশ বুলি তেওঁ প্ৰকাশ কৰে। তেও...