December 28, 2025 6:17 PM

views 16

গুৱাহাটীৰ মালিগাঁৱত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা, মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

গুৱাহাটীৰ মালিগাঁৱৰ বৰিপাৰাত আয়োজিত এটা অনুষ্ঠানত আজি উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব লাভ কৰি উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। জালুকবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অংশ লৈ কয়, যে ২০০২ চনত ২৮৮ গৰাকী শিক্ষার্থীকহে এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হৈছিল। সম্প্ৰতি শিক্ষাৰ্থীৰ সংখ্যা আশাপ্রদভাৱে বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে ।