October 30, 2025 1:01 PM October 30, 2025 1:01 PM
20
দুদিনীয়া ভ্রমণসূচীৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা লখিমপুৰত উপস্থিত
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শদিয়া বিধানসভা সমষ্টিৰ ২৭ হাজাৰ ৫৭৩ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। এই উপলক্ষে শদিয়াৰ চপাখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রীয়ে ভাগ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিয়লি উত্তৰ লখিমপুৰৰ খেলমাটিত ৪০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা ড° ভূপেন হাজৰিকাৰ এটা ১৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ লগতে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱমন্দিৰৰ পৰা নর্থ লখিমপুৰ কলেজ...