August 25, 2025 8:06 PM

views 31

কোকৰাঝাৰত বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ২৮ আগষ্টৰ ভিতৰত প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ জিলাৰ চালাকাতি পৰিষদীয় সমষ্টিৰ কালী পুখুৰীত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে। আসন্ন বি টি চি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক উদ্দেশি দিয়া ভাষণত বি টি আৰৰ শান্তি-সম্প্রীতি বৰ্তাই ৰখাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ কয়, যে দীৰ্ঘদিনৰ অশান্ত পৰিস্থিতিৰ পাছত বি টি আৰত প্ৰতিষ্ঠা হোৱা শান্তি অক্ষুণ্ণ ৰখাৰ লগতে সৰ্বাত্মক উন্নয়ন আৰু সকলো স্তৰৰ জনসাধাৰণক সমসুবিধা প্ৰদানৰ লক্ষ্যৰে চৰকাৰে প্ৰচেষ্টা চলাই আছে। তেওঁ কয়, য...