November 15, 2025 12:18 PM

views 32

কামৰূপ মহানগৰ জিলাৰ গড়লত নতুনকৈ নিৰ্মাণ কৰা ৰামচাৰাণী খণ্ড উন্নয়ন বিষয়াৰ নতুন কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

প্রশাসন ব্যৱস্থাক ৰাইজৰ অধিক কাষ চপাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ মহানগৰ জিলাৰ গড়লত নতুনকৈ নিৰ্মাণ কৰা ৰামচাৰাণী খণ্ড উন্নয়ন বিষয়াৰ নতুন কাৰ্যালয়ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। স্থানীয় ৰাইজৰ সুবিধার্থে চৰকাৰে যোৱা বছৰৰ ১৩ নৱেম্বৰত পূৰ্বৰ ৰাণী উন্নয়ন খণ্ডৰ ৩ খন গাঁও পঞ্চায়তক কামৰূপ জিলাৰ ছয়াণী ৰাণী উন্নয়ন খণ্ডত অন্তর্ভুক্ত কৰিছিল। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়, যে চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ সফল ৰূপায়ণত সুবিধ...