October 28, 2025 7:56 PM

views 25

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰত উদ্যমিতা পুঁজিৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ ৩২ হাজাৰ ৪৮২ গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে কলিয়াবৰৰ ডা০ টি আও ষ্টেডিয়ামত আয়োজিত জনসভাত ভাষণ দি মুখ্যমন্ত্রী ড০ শৰ্মাই কয়, যে ৰাজ্যত বর্তমান প্রায় ৪ লাখ আত্মসহায়ক গোট আছে। কলিয়াবৰ সমষ্টিত প্রায় ৪ হাজাৰ আত্মসহায়ক গোট গঠন কৰা হৈছে। এনে আত্মসহায়ক গোটসমূহক শক্তিশালী কৰিবলৈ ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত বিভিন্ন ব্যবস্থা গ্রহণ কৰি অহাৰ কথা উল্লেখ কৰি মুখ্য...